ভবেশ কলিতাৰ বিৰুদ্ধে এজাহাৰ কংগ্ৰেছৰ, পৈতৃক সম্পত্তি বিক্ৰী কৰি অৰুণোদয়ৰ ধন দিছে নেকি?

অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বিজেপিৰ সদস্য ভৰ্তিৰ চাৰ্টিফিকেট থকাটো বাধ্যতামূলক বুলি বিজেপিৰ সভাপতি ভবেশ কলিতাই ভাষণত উল্লেখ কৰা বুলি অভিযোগ আনি প্ৰদেশ কংগ্ৰেছৰ নেতা ৰাতুল কলিতাই এজাহাৰ দাখিল কৰিছে৷ কংগ্ৰেছ নেতা ৰাতুল কলিতাই মহানগৰীৰ ভঙাগড় আৰক্ষী থানাত আজি এজাহাৰ দাখিল কৰে৷ জানিব পৰা মতে, বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই কালি ৰঙিয়াত অৰুণোদয়ৰ ৩.০ৰ আঁচনি উদ্বোধনৰ সময়ত অৰুণোদয় আঁচনিৰ ধন পাব লাগিলে বিজেপিৰ সদস্য হোৱাটো বাধ্যতামূলক বুলি কোৱা বুলি অভিযোগ আনে কংগ্ৰেছে৷ সেই মন্তব্যক সংবিধান আৰু গণতন্ত্ৰ বিৰোধী আখ্যা দি প্ৰদেশ কংগ্ৰেছে এজাহাৰ দাখিল কৰিছে৷ এজাহাৰ দাখিলৰ অন্তত ৰাতুল কলিতাই সাংবাদিকৰে মুখামুখি হৈ কয় য ভবেশ কলিতাই মানসিক ভাৰসাম্য হেৰুৱাইছে৷ যাৰ বাবে প্ৰলোভনৰ ৰাজনীতিৰ আশ্ৰয় লৈছে৷ ৰঙিয়াৰ দীপ্তেশ্বৰীত অনুষ্ঠিত বিজেপিৰ এখন ৰাজহুৱা সভাত ভবেশ কলিতাই ভাষণ প্ৰদান কৰি মহিলাক ধমক আৰু প্ৰলোভন দিছে৷ বিজেপি সদস্যভৰ্তিৰ বাবে জাৰি কৰা বিশেষ নম্বৰটোত মিছকল দিয়াটো বাধ্যতামূলক আৰু মিছকল দিয়াৰ ফলত যিখন চাৰ্টিফিকেট লাভ কৰিব সেই চাৰ্টিফিকেটখন অৰুণোদয় আঁচনিৰ বাবে মেণ্ডেটৰি৷ অৰ্থাৎ যিয়ে বিজেপিৰ সদস্য আৰু যাৰ বিজেপিৰ সদস্য হোৱাৰ চাৰ্টিফিকেট আছে তেওঁহে অৰুণোদয় আঁচনিৰ ১২৫০ টকা লাভ কৰিব৷ ৰাতুল কলিতাই এয়া সংবিধান বিৰোধী বুলি কৈ আৰু কয় যে ১২৫০ টকা ভবেশ কলিতাৰ পিতৃৰ পৈতৃক সম্পত্তিৰ পৰা দিয়া নাই৷ বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পিতৃৰ সম্পত্তি বিক্ৰী কৰি এই ধন দিয়া নাই৷ বা মুখ্যমন্ত্ৰীৰ পত্নীয়ে দুইনম্বৰী কৰি ঘটা মাটি বিক্ৰী কৰি অৰুণোদয় আঁচনিৰ ধন দিয়া নাই৷ অৰুণোদয় আঁচনিৰ ধন হৈছে ৰাইজৰ৷ ৰাইজৰ ধন ৰাইজে পাব৷ কিন্তু ৰাইজৰ অধিকাৰ খৰ্ব কৰি ভবেশ কলিতাই ধমক দিয়া কাৰ্য গণতন্ত্ৰ বিৰোধী আৰু সংবিধান বিৰোধী৷ লগতে অনাগত দিনত এনে কাম নকৰিবলৈ ভবেশ কলিতাক সকীয়াই দি ৰাতুল কলিতাই কয় যে ৰন্ধনগেছ ১০০০ টকা হৈছে, মিঠাতেলৰ কিলো দুশ টকা হৈছে৷ সেইবোৰকহে গুৰুত্ব দিব লাগে৷ পিঁয়াজৰ দাম ৮০ টকা, আলুৰ দাম ৫০ টকা হোৱাত গৃহিনীসকল পাকঘৰত সোমাব পৰা নাই৷ ভবেশ কলিতাই যিখিনি মহিলাক বিজেপিৰ সদস্য হ’বলৈ ধমক দিছে সেইখিনি মহিলাই পাকঘৰত সোমাব পৰা নাই বুলিও কয় ৰাতুল কলিতাই৷

  • Related Posts

    কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন-কৰ্মচাৰী ফেডাৰেচনসমূহে আহ্বান দিয়া ৯ জুলাইৰ দেশজোৰা ধৰ্মঘটক সমৰ্থন

    আজি অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বেলতলাস্থিত অমল প্ৰভা ভৱনত মটৰ শ্ৰমিকৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয়। অসম চৰকাৰে গ্ৰহণ কৰা অসম মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিখন অতিশীঘ্ৰে…

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে