

অসহ্যকৰ গৰমৰ মাজতে অহা প্ৰচণ্ড ধুমুহাৰ মাজত ব্ৰহ্মপুত্ৰত আৱদ্ধ হৈ পৰিছে এখন যাত্ৰীবাহী ফেৰী। প্ৰায় দুই শতাধিক যাত্ৰী সহ আৱদ্ধ হৈ আছে ধুবুৰী হাটশিঙিমাৰী যাত্ৰীবাহী ফেৰীখন।যাৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যাত্ৰীৰ মাজত ।
প্ৰচণ্ড ধুমুহাত যাত্ৰী সকলে লাইফ জেকেট পিৰিধান কৰা পৰিলক্ষিত হৈছে যদিও পৰ্যাপ্ত পৰিমানৰ লাইফ জেকেট নথকাত যাত্ৰীৰ মাজত ভয়ংকৰ পৰিস্থিতি।
ধুবুৰীৰ পৰা হাটশিঙিমাৰীৰ বেপাৰীপাৰা অভিমুখে আহি থকা সময়ত প্ৰচণ্ড ধুমুহাত এনেদৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
পূৰ্বতেও ধুমুহা বৰষুণৰ মাজত ধুবুৰী-হাটশিঙিমাৰী ফেৰী আৱদ্ধ হৈ যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল।