
আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ জামিন আবেদন নাকচ কৰিছে আদালতে। গুৱাহাটীৰ উচ্চ ন্যায়ালয়ে নাকচ কৰে শংকৰ জ্যোতি বৰুৱাৰ অগ্ৰিম জামিনৰ আবেদন।
চৰকাৰী পক্ষৰ হৈ আদালতত যুক্তি আগবঢ়াইছিল অধিবক্তা মাখন ফুকনে।
উল্লেখযোগ্য যে শংকৰ জ্যোতি বৰুৱাৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে আনিছিল চাঞ্চল্যকৰ অভিযোগ।
ছাত্ৰ নেতাজনৰ বিৰুদ্ধে ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত যুৱতীগৰাকীয়ে।
আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে প্ৰেম প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰা ছাত্ৰীগৰাকী গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল।
বিগত ৫ মাহ ধৰি মানসিক চাপত ভুগি বিশ্ববিদ্যালৰ ছাত্ৰী আবাসত অধিক দৰৱ সেৱন কৰিছিল ছাত্ৰীগৰাকীয়ে।