
ভাৰতীয় বজাৰৰ পৰা অহৰহ নাইকিয়া হৈ আহিছে সৰু সৰু নোট। ১০, ২০ আৰু ৫০ টকীয়া নোটৰ নাটনিৰ বাবে কেৱল চহৰীয়াই নহয়, গ্ৰাম্য জনসাধাৰণেও সমস্যাৰ সন্মুখীন হৈছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে দৰিদ্ৰ লোক।
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ লিখা এখন পত্ৰত এই কথা কয় লোকসভাৰ কংগ্ৰেছৰ সাংসদ মণিকম ঠাকুৰে।
বিত্ত মন্ত্রী সীতাৰমনলৈ লিখা পত্ৰখনত মণিকামে কয় যে চৰকাৰে ডিজিটেল লেনদেনৰ প্ৰচাৰ কৰাটো বুজিব পৰা যায়, কিন্তু সৰু সৰু নোট নিষিদ্ধ কৰাটো একেবাৰেই সঠিক নহয়। ইয়াৰ বাবে প্ৰতিদিনে নোটৰ জৰিয়তে সৰু সৰু ধন পৰিশোধ কৰা লোকসকল প্ৰভাৱিত হৈছে। ডিজিটেল লেনদেন নকৰা লোক বা গ্ৰাম্য লোকে ইয়াৰ বাবে বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে।
বিত্তমন্ত্ৰীলৈ তিনিটা দাবী কংগ্ৰেছ নেতাগৰাকীৰ
১) বিত্তমন্ত্ৰীক দাবী জনাইছে যে আৰ বি আইক সৰু সৰু নোটৰ ছপা পুনৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিব লাগে।
২) নোটৰ যোগান যাতে জনসাধাৰণৰ চাহিদা পূৰণ কৰিব পৰাকৈ যথেষ্ট হয়, সেইটোও নিশ্চিত কৰিব লাগে।
৩) মণিকমে গাঁৱে-ভূঞে ডিজিটেল পেমেণ্ট আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দিয়াৰ কথাও কয়।
ইয়াৰ উপৰি কংগ্ৰেছ নেতাগৰাকীয়ে আৰু কয় যে দৈনিক মজুৰি শ্ৰমিক আৰু ৰাজপথৰ ব্যৱসায়ীসকল খালী নগদ ধনৰ ওপৰত নিৰ্ভৰশীল, যাৰ বাবে তেওঁলোকে সমস্যাৰ সন্মুখীন হৈছে।