
দৰঙৰ ছিপাঝাৰৰ মহলীয়া পাৰাৰ পদুম পুখুৰী হাইস্কুলত ভয়ংকৰ অঘটন। দশম শ্ৰেণীৰ ছাত্ৰৰ প্ৰহাৰত এজন মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত ছাত্ৰজনৰ নাম ভৱেশ ডেকা।
জানিব পৰা অনুসৰি, প্ৰথমে ছাত্ৰ দুজনৰ মাজত সামান্য কাজিয়াৰ সৃষ্টি হয়। ইয়াৰ পাছতে দশম শ্ৰেণীৰ ছাত্ৰ জনে আক্ৰমণ কৰে নৱম মান শ্ৰেণীৰ ছাত্ৰ জনক।
আক্ৰমণত গুৰুতৰভাৱে আহত হয় ভৱেশ ডেকা। লগে লগে ছাত্ৰজনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
সামান্য কাজিয়াৰ ফলতেই এই ভয়ংকৰ ঘটনাটোত মৃত্যু হোৱা ছাত্ৰজন সেনাপতি পাৰা গাঁৱৰ হেমচন্দ্ৰ ডেকাৰ পুত্ৰ বুলি চিনাক্ত কৰা হৈছে।