ধুবুৰীত অস্ত্ৰ, গুলীসহ গ্ৰেপ্তাৰ পঞ্জাৱৰ এজন যুৱক

ধুবৰীত মাৰণাস্ত্ৰ আৰু গুলীসহ পঞ্জাৱৰ অমৃসৰৰ গুৰবেছ সিং নামৰ এজন শিখ সম্প্ৰদায়ৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ খবৰ আহিছে। ২২ ছেপ্তেম্বৰত ধুবুৰী চহৰৰ ১ নং ৱাৰ্ডৰ শ্বহীদ ক্লক টাৱাৰৰ সমীপতেই ধুবুৰী আৰক্ষীয়ে শিখ সম্প্ৰদায়ৰ এজন ব্যক্তিৰ পৰা উদ্ধাৰ কৰিছিল এটা পইণ্ট ৩২ পিষ্টল, এটা মেগজিন আৰু ৫ জাই সক্ৰিয় গুলী।

ধুবুৰীৰ শ্ৰীগুৰু টেগ বাহাদুৰ চাহেবজী গুৰুদ্বাৰাত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰাৰ বাবে আহিছিল অমৃতসৰৰ তাৰান তাৰান জিলাৰ গুৰবেছ সিং নামৰ ব্যক্তি গৰাকী।

আৰক্ষীৰ অভিযানত ক’লা ৰঙৰ AS-01-FA-0645 নম্বৰৰ এখন স্কৰপিঅ’ বাহনৰ পৰা উদ্ধাৰ কৰিছিল এটা পিষ্টল, এটা মেগজিন আৰু ৫ জাই সক্ৰিয় গুলীসহ আটক কৰিছিল পঞ্জাৱৰ গুৰবেছ সিঙক।

মাৰণাস্ত্ৰটোৰ অনুজ্ঞাপত্ৰ থকা বুলি দাবী কৰা গুৰবেছ সিঙক তদন্তৰ অন্তত সেই দিনাই নিশা মুকলি কৰি দিয়া হৈছিল যদিও অনুজ্ঞাপত্ৰ ভুৱা বুলি প্ৰমাণিত হোৱাত যোৱা নিশা পুনৰাই গুৱাহাটী আৰক্ষীৰ সহযোগত অভিযান চলাই বেলতলা বশিষ্ঠৰ পৰা গুৰবেছ সিঙক গ্ৰেপ্তাৰ কৰে।

তেওঁক গ্ৰেপ্তাৰ কৰাৰ সময়ত এটা পইণ্ট ৩২ পিষ্টল, এটা মেগজিন আৰু ৫ জাই সক্ৰিয় গুলী আৰু AS01 FA-0645 নম্বৰৰ ক’লা ৰঙৰ স্কৰপিঅ’ বাহনখন জব্দ কৰি ধুবুৰীলৈ লৈ আহে।

ইতিমধ্যে ধুবুৰী সদৰ থানাত সমগ্ৰ ঘটনা সন্দৰ্ভত ধুবুৰী জিলা আৰক্ষী অধীক্ষক নবীন সিঙে অধিক তথ্যৰ বাবে সোধাপোচা অব্যাহত ৰাখিছে।

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক