বাংলাদেশত দুৰ্গা পূজা পাতিলে দিব লাগিব ৫ লাখকৈ টকা!

বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰা সংখ্যালঘু হিন্দুক কৰা অত্যাচাৰ দিনক দিনে বৃদ্ধি পাইছে। দেশখনত হিন্দুৰ ওপৰত আক্ৰমণ অব্যাহত থকাৰ সময়তে হিন্দু বিষয়া-কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ লগতে শেহতীয়াকৈ দুৰ্গা পূজা উদযাপনৰ বিৰুদ্ধে ভাবুকি দিয়া হৈছে।

চৰকাৰে দেশখনৰ হিন্দুসকলক দুৰ্গা পূজা উদযাপন কৰাত সহযোগ কৰাৰ আশ্বাস দিয়াৰ বিপৰীতে একাংশ মৌলবাদী সংগঠনে পূজা বন্ধ কৰাৰ ভাবুকি দিছে।

এই ভাবুকি ভিডিঅ’ আৰু পূজা উদযাপন সমিতিলৈ পত্ৰ প্ৰেৰণ কৰি দিয়া হৈছে। দেশখনৰ হিন্দু সম্প্ৰদায়ৰ লোকসললৈ প্ৰেৰণ কৰা বেনামী পত্ৰত এই বুলি ভাবুকি দিয়া হৈছে যে যদিহে পাঁচ লাখ টকা দিয়া নহয় তেতিয়া পূজা উদযাপন কৰিবলৈ দিয়া নহয়। যদিহে এই চৰ্চ মানি লোৱা নহয় তেতিয়া গুৰুতৰ পৰিণামৰ সন্মুখীন হ’ব লাগিব।

ইয়াৰ উপৰি এই পত্ৰখন সংবাদ মাধ্যমক দিয়া লোকক টুকুৰা-টুকুৰ কৰি পেলোৱাৰ ভাবুকিও দিয়া হৈছে।

এই পত্ৰ পোৱাৰ পিছতে একাংশ পূজা সমিতিয়ে দুৰ্গা পূজাৰ কাৰ্যসূচী বাতিল কৰিছে আৰু আন একাংশ সমিতিয়ে সহায় তথা নিৰাপত্তা বিচাৰি কাষ চাপিছে আৰক্ষীৰ।

ইফালে ৰাজধানী ঢাকাত একাংশ লোকে বিক্ষোভ প্ৰদৰ্শন কৰি পূজা বন্ধ কৰাৰ দাবী কৰে। প্ৰতিবাদকাৰীসকলে কয় যে যি ঠাইত ঈদৰ নামাজ পঢ়া হয়, তাত পূজাৰ আয়োজন কৰিলে সেই স্থান অপৱিত্ৰ হৈ পৰে বুলি মন্তব্য কৰি পূজা বন্ধ কৰাৰ হুংকাৰ দিয়ে।

  • Brahmaputra Times

    Related Posts

    গাল্ফ এয়াৰৰ বিমানৰ কাৰিকৰী বিজুতিৰ বাবে কুৱেইট বিমানবন্দৰত আৱদ্ধ ভাৰতীয়

    কুৱেইটৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হাহাকাৰ প্ৰায় ৬০ গৰাকী ভাৰতীয় যাত্ৰীৰ । ১৩ ঘণ্টাৰো অধিক সময় ধৰি বিমানবন্দৰত আবদ্ধ ভাৰতীয় যাত্ৰীসকল । তেওঁলোকে যাত্ৰা কৰা গাল্ফ এয়াৰৰ বিমানখনৰ কাৰিকৰী বিজুতিৰ বাবে কুৱেইটত…

    ভাৰতত উপস্থিত বিশ্ব এথলেটিকছৰ সভাপতি…

    সোমবাৰে ক্ৰীড়া মন্ত্ৰী মানসুখ মাণ্ডৱিয়াক সাক্ষাৎ কৰে বিশ্ব এথলেটিকছৰ সভাপতি চেবাষ্টিয়ান ক’ৱে। ২০৩৬ চনত ভাৰতত অলিম্পিক আয়োজন কৰাৰ উদ্দেশ্য আৰু দেশত এথলেটিকছৰ বিকাশ সন্দৰ্ভত মাণ্ডৱিয়াৰ সৈতে আলোচনাত মিলিত হয় চেবাষ্টিয়ান।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

    এ আৰ ৰহমানৰ গীতেৰে জীপাল নগা পাহাৰ…

    এ আৰ ৰহমানৰ গীতেৰে জীপাল নগা পাহাৰ…

    অসমৰ ঝুমুৰ নৃত্য চাবলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ হিমন্ত বিশ্বৰ…

    অসমৰ ঝুমুৰ নৃত্য চাবলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ হিমন্ত বিশ্বৰ…