
বিজেপি নেতা কিৰিট সোমায়িয়াৰ পত্নী মেধা সোমায়িয়াই দাখিল কৰা মানহানিৰ গোচৰত মুম্বাইৰ এখন আদালতে বৃহস্পতিবাৰে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক ১৫ দিনৰ সাধাৰণ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
পিছত আদালতে ৩০ দিনৰ বাবে শাস্তি স্থগিত ৰাখি ৰাজ্যসভাৰ সদস্যজনক তেওঁৰ আবেদনৰ ভিত্তিত জামিন মঞ্জুৰ কৰে।
মহানগৰ দণ্ডাধীশে ৰাজ্যসভাৰ সদস্য ৰাউতক ভাৰতীয় দণ্ডবিধিৰ ৫০০ ধাৰাত (মানহানিৰ শাস্তি) দোষী সাব্যস্ত কৰাৰ লগতে ২৫ হাজাৰ টকাৰ জৰিমনাও আৰোপ কৰে। আদালতে ৰায় ঘোষণা কৰাৰ পাছত ৰাউতৰ অধিবক্তাই শাস্তি পিছুৱাই দি জামিন মঞ্জুৰ কৰাৰ বাবে দুখন আৱেদন দাখিল কৰে, যিবোৰ আৱেদন আদালতে গ্ৰহণ কৰে।
মেধা সোমায়িয়াই অধিবক্তা বিবেকানন্দ গুপ্তাৰ জৰিয়তে দাখিল কৰা এজাহাৰত ৰাউটে তেওঁৰ আৰু স্বামীৰ বিৰুদ্ধে ভিত্তিহীন আৰু সম্পূৰ্ণ মানহানিকাৰক অভিযোগ উত্থাপন কৰাৰ অভিযোগ উত্থাপন কৰিছিল।
মীৰা ভয়ান্দৰ পৌৰ নিগমৰ অধীনৰ একাংশ ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণক লৈ ১০০ কোটি টকাৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল ৰাউতে।
সাধাৰণ জনতাৰ দৃষ্টিত মোক হেয় প্ৰতিপন্ন কৰিবলৈ এইধৰণৰ মন্তব্য কৰা বুলিও কয় বিজেপি নেত্ৰীগৰাকীয়ে।