
মাত্ৰ ৭০০০ টকা উৎকোচ লৈ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এগৰাকী পঞ্চায়ত সচিব। গ্ৰেপ্তাৰ হোৱা পঞ্চায়ত সচিবগৰাকী হ’ল বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ উত্তৰ শালমাৰা গাঁও পঞ্চায়তৰ সচিব।
উকোচ লৈ গ্ৰেপ্তাৰ হোৱা বিষয়াগৰাকীক ৰঞ্জিত কুমাৰ সৰকাৰ বুলি চিনাক্ত কৰা হৈছে। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত ৭ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে জালত পৰে সচিবগৰাকী।
গ্ৰেপ্তাৰ হোৱা লোকজনে মাত্ৰ পাঁচ মাহ পূৰ্বে উত্তৰ শালমাৰা গাঁও পঞ্চায়তৰ সচিবৰূপে যোগদান কৰিছিল। সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়াও অভিযান চলি আছে।
বিষয়াগৰাকীক গুৱাহাটীলৈ আনি অধিক তথ্য সংগ্ৰহৰ বাবে সোধা-পোচা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।