
ধুবুৰী অতিৰিক্ত ন্যায়িক দণ্ডাধীশৰ ঐতিহাসিক ৰায়দান। ৭ জনৰ বিৰুদ্ধে ঐতিহাসিক ৰায়দান প্ৰদান কৰে আদালতে। ৰায়দানত ৪ জন দোষী আৰু তিনিজন নিৰ্দোষী সাব্যস্ত হয়।
দুজনক যাবজ্জীৱন কাৰাদণ্ড দিয়াৰ লগতে জৰিমনা বিহা হয় আৰু আন দুজনক ১০ বছৰ জেল আৰু জৰিমনা বিহা হয়।
ইফালে কালাম শ্বেখ আৰু ছবুৰ আলীক যাবজ্জীৱন কাৰাদণ্ডৰ লগতে পাঁচ হাজাৰ টকাকৈ জৰিমনা বিহে ন্যায়িক আদালতে। ছোৰহাব আলীক ১০ বছৰ জেল আৰু তিনি হাজাৰ টকা জৰিমনা আনহাতে আনোৱাৰ হুছেইনক ১০ বছৰ জেল আৰু এহেজাৰ টকাৰ জৰিমনা বিহে ন্যায়িক আদালতে।
২০১৩ চনত ধুবুৰীৰ আইৰণজংলা তৃতীয় খণ্ডত এজোপা গছ কটাক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত ঘটি চৈয়দ আলী নামৰ এজন লোকক হত্যা কৰা হৈছিল। সেই হত্যাৰ অভিযোগত মৃত চৈয়দ আলীৰ ভতিজা সৰবেশ আলীয়ে ধুবুৰী এ এম কো ৰোড বজাৰ নগৰ আৰক্ষী চকীত ১৩ জনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল।
উক্ত এজাহাৰৰ ভিত্তিত হোৱা তদন্তৰ অন্তত আজি চৈয়দ বুৰহানুৰ ৰহমানৰ ন্যায়িক আদালতে ঐতিহাসিক ৰায়দান প্ৰদান কৰে।
ৰায়দানত সাত জনৰ বিৰুদ্ধে ধুবুৰী আদালতত গোচৰ চলে আৰু ইয়াৰে তিনিজনক নিৰ্দোষী সাব্যস্ত কৰি দুজনক যাবজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে জৰিমনা বিহে আৰু আন দুজনক ১০ বছৰ জেল আৰু জৰিমনা বিহে।
গোচৰটোৰ চৰকাৰী পক্ষৰ অধিবক্তা হিচাপে যুক্তি তৰ্ক আগবঢ়ায় দীনেশ চৌধুৰী।