
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰমায়াৰ বিৰুদ্ধে ভূমি কেলেংকাৰিৰ গোচৰ ৰুজু কৰা হৈছে। মঙলবাৰে ৰাজ্যখনৰ ৰাজ্যপালে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তদন্ত চলাবলৈ দিয়া সন্মতিক প্ৰত্যাহ্বান জনাই ছিদ্দাৰামায়াই জনোৱা আবেদন কৰ্ণাটক উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল।
আবেদন খাৰিজ কৰি ন্যায়াধীশ এম নাগপ্ৰসন্নাই কৈছিল, “আবেদনখনত উল্লেখ কৰা কথাবোৰৰ তদন্তৰ প্ৰয়োজন। মুখ্যমন্ত্ৰীৰ পৰিয়াল মুদা ভূমি কেলেংকাৰী গোচৰৰ সৈতে জড়িত, সেয়ে তেওঁৰ আবেদন খাৰিজ কৰা হৈছে।”
ইয়াৰ পিছতে শুকুৰবাৰে ছিদ্দাৰমাইয়াৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰে মাইছ’ৰ লোকায়ুক্তই। এফআইআৰৰ প্ৰতি