

লেবাননত ইজৰাইলী সেনাৰ ধাৰাবাহিক আক্ৰমণে আতংকৰ সৃষ্টি কৰিছে মধ্যপ্ৰাচ্যৰ দেশখনত। শেহতীয়াকৈ ইজৰাইলৰ সেনাই প্ৰকাশ কৰা মতে, বেইৰুটত সংঘটিত কৰা আক্ৰমণত সময়তে মৃত্যু ঘটিছে লেবাননৰ ক্ষমতাসীন সশস্ত্ৰ সংগঠন হিজবুল্লাহৰ মুৰব্বী হাছান নাছৰল্লাহৰ। হিজবুল্লাহৰ ঘনিষ্ঠ সূত্ৰই সংবাদ সংস্থা এ এফ পিক জনোৱা মতে শুকুৰবাৰে নিশাৰে পৰা নাছৰল্লাহৰ সৈতে যোগাযোগ হেৰাই গৈছে। দেশখনৰ সামৰিক মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল নাদৱ শোষানীয়ে এক্সত ৬৪ বৰ্ষীয় হাছান নাছৰল্লাহৰ মৃত্যুৰ কথা ঘোষণা কৰিছে। উল্লেখ্য যে, হিজবুল্লাহে উত্তৰ ইজৰাইলত সংঘটিত কৰা ৰকেট আক্ৰমণৰ পিছতে প্ৰত্যুত্তৰ দি পূব আৰু দক্ষিণ লেবাননৰ হিজবুল্লাহৰ ঘাটিত আক্ৰমণ সংঘটিত কৰিছিল ইজৰাইলে। ইজৰাইলৰ জেট বিমানে নিশাটোৰ ভিতৰতে দক্ষিণ বেইৰুটৰ হিজবুল্লাহৰ দুৰ্গত বোমাবৰ্ষণ কৰি কেইবাটাও আৱাসিক অট্টালিকা ধ্বংস কৰি পেলায়। এই আক্ৰমণতে হিজবুল্লাহৰ মুৰব্বীজনৰো মৃত্যু ঘটা বুলি দাবী কৰি ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে এক বিবৃতিত কয় যে হাছান নাছৰল্লাহে আৰু বিশ্বক আতংকিত কৰিব নোৱাৰিব। প্ৰণিধানযোগ্য যে, উত্তৰ ইজৰাইলত ৰকেট নিক্ষেপ কৰাৰ দায়িত্ব হিজবুল্লাহে স্বাকীৰ কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে এই প্ৰতিশোধমূলক আক্ৰমণ সংঘটিত হৈছিল। এনে এটা আক্ৰমণে ফাদি-১ ৰকেট ব্যৱহাৰ কৰি কিবুটজ কাব্ৰিক লক্ষ্য কৰি লৈছিল, যিটো হিজবুল্লাহে ইজৰাইলৰ “বৰ্বৰ” আগ্ৰাসনৰ বিৰুদ্ধে লেবাননক প্ৰতিৰক্ষাৰ বাবে বুলি দাবী কৰি আহিছিল। লক্ষণীয় যে, লেবাননৰ ছিয়া সমৰ্থকসকলৰ মাজত অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিছিল হাছান নাছৰল্লাহে। ইজৰাইলৰ লেবানন আক্ৰমণৰ পিছত ২০০৬ চনত নাছৰল্লাহক হত্যা কৰা বুলি উৰাবাতৰি প্ৰচাৰ হৈছিল। কিন্তু কিছুদিন পিছতে পুনৰ আত্মপ্ৰকাশ কৰে ছিয়া নেতাগৰাকীয়ে। ইজৰাইলৰ আক্ৰমণত হিজবুল্লাহৰ দক্ষিণ ফ্ৰণ্টৰ অধিনায়ক আলী কাৰাকে আৰু হিজবুল্লাহৰ অন্যান্য সদস্যৰো মৃত্যু হয়। ইজৰাইলৰ এক বিবৃতিত কোৱা হৈছে যে, হিজবুল্লাহৰ সচিব প্ৰধান হিচাপে হাছান নাছৰল্লাহৰ ৩২ বছৰীয়া ৰাজত্বকালত তেওঁ বহু ইজৰাইলী সাধাৰণ নাগৰিক আৰু সৈনিকক হত্যা কৰাৰ লগতে হাজাৰ হাজাৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৰিকল্পনা আৰু নিষ্পাদনৰ বাবে দায়ী আছিল। তেওঁ বিশ্বজুৰি বিভিন্ন জাতিৰ সাধাৰণ নাগৰিকক হত্যা কৰা সন্ত্ৰাসবাদী আক্ৰমণ পৰিচালনা আৰু নিষ্পাদনৰ দায়িত্বত আছিল। নাছৰল্লাহ আছিল কেন্দ্ৰীয় সিদ্ধান্ত গ্ৰহণকাৰী আৰু সংগঠনটোৰ কৌশলগত নেতা। প্ৰণিধানযোগ্য যে, লেবাননত ইজৰাইলৰ বোমা বিস্ফোৰণত ৭০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১ লাখ ১৮ হাজাৰ লোক গৃহহীন হৈছে।