সৰু ল’ৰা-ছোৱালীক লৈ প্ৰতিবাদ কৰা অভিভাৱকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হ’ব লাগে, উচ্চ ন্যায়ালয়

অভিভাৱকে সৰু ল’ৰা-ছোৱালীক প্ৰতিবাদ স্থলীলৈ নিয়াৰ প্ৰৱণতা বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰিছে কেৰালা উচ্চ ন্যায়ালয়ে।

আদালতে কয় যে শিশুসকলে প্ৰতিবাদ, বিক্ষোভ, সত্যাগ্ৰহ আদিৰ উদ্দেশ্য বুজি নাপায়। অভিভাৱকে নিজৰ সন্তানক তালৈ লৈ যায় নিজৰ প্ৰতিবাদৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ।

আদালতে লগতে কয় যে শিশুসকলক তেওঁলোকৰ ইচ্ছামতে বন্ধু-বান্ধৱীৰ সৈতে খেলিবলৈ এৰি দিব লাগে।

যদি অভিভাৱকে ইচ্ছাকৃতভাৱে সৰু ল’ৰা-ছোৱালীক প্ৰতিবাদ, ধৰ্ণা বা সত্যাগ্ৰহলৈ লৈ গৈ দৃষ্টি আকৰ্ষণ কৰে, তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ ব্যৱস্থা গ্ৰহণৰ সম্পূৰ্ণ কৰ্তৃত্ব আছে।

উচ্চ ন্যায়ালয়ে কয় যে শিশু কেৱল পিতৃ-মাতৃৰ সম্পত্তি নহয়, সমাজৰো সম্পদ। গতিকে সৰু ল’ৰা-ছোৱালীক প্ৰতিবাদত লৈ নোযোৱাটো অভিভাৱকৰ কৰ্তব্য।

২৪ ছেপ্টেম্বৰত দিয়া আদেশত এই কথা কয় কেৰালাৰ উচ্চ ন্যায়াধীশ পি ভি কুঁহিকৃষ্ণনে।

  • Related Posts

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী ঘাঁটি লক্ষ্য কৰি চলোৱা অপাৰেশ্যন সেন্দূৰ-ৰ এদিনৰ পাছতে কেন্দ্ৰীয় চৰকাৰে আজি সকলো দলৰ নেতাৰে এক বৈঠক আহ্বান কৰে। এই বৈঠকখন ৰক্ষা মন্ত্ৰী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ