
আম আদমী পাৰ্টীৰ অসম প্ৰদেশৰ নৱ-নিযুক্ত সভাপতি মনোজ ধানোৱাৰক আজি গৃহ জিলা ডিব্ৰুগড়ত উপস্থিত হয়৷ গুৱাহাটীস্থিত কাৰ্যালয়ত আনুষ্ঠানিকভাবে দায়িত্ব গ্ৰহণ কৰি গৃহ জিলা ডিব্ৰুগড়ত উপস্থিত হোৱা মনোজ ধানোৱাৰ আজি গৃহ জিলাত উপস্থিত হোৱাৰ পাছতে দলীয় সমৰ্থক তথা নেতা-কৰ্মীয়ে বিপুল আদৰণি জনায়৷ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে দলীয় বিভিন্ন সাংস্কৃতিক দল যেনে ঝুমুৰ নৃত্য, বিহুৱা দলে নাচি-বাগি আদৰণি জনায়৷ ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰত উখল-মাখল পৰিৱেশ দেখা যায়। দলটোৰ জিলা সমিতিৰ নেতা-কৰ্মী আৰু সমৰ্থকে বিমান বন্দৰত আপৰ নৱনিৰ্বাচিত ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰক বিপুল আদৰণি জনোৱা পৰিলক্ষিত হয়৷ গুৱাহাটীৰ পৰা গৈ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হোৱা ধানোৱাৰক শ-শ নেতা-কৰ্মীয়ে আদৰণি জনোৱাত অভিভূত হৈ পৰে৷ বিগত ৯ ছেপ্টেম্বৰত সৰ্বভাৰতীয় সমিতিয়ে অসমৰ ৰাজ্যিক আপৰ নেতৃত্ব সলনি কৰি মনোজ ধানোৱাৰক সভাপতিৰ দায়িত্ব দি সাংগঠনিক দিশ শক্তিশালী কৰাৰ লক্ষ্য লৈছে৷ কিন্তু যিগৰাকী ধানোৱাৰক দায়িত্ব প্ৰদান কৰিছে সেইগৰাকী ধানোৱাৰে বিগত লোকসভা নিৰ্বাচনত ডিব্ৰুগড় সংসদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ খোদ এতিয়াৰ সভাপতিগৰাকীয়ে ২ লাখ ভোট লাভ কৰিবলৈ সক্ষম নহ’ল৷ মাথো ১ লাখ ৩৭ হাজাৰ ভোট লাভ কৰিছিল৷