
দিয়া আৰু লোৱাৰ অংক আছিল নিৰ্বাচনী বণ্ড। নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধন দাবী কৰি বিভিন্ন কোম্পানী আৰু ব্যক্তিবিশেষক চৰকাৰী সংস্থাৰ তদন্তৰ পৰা ৰেহাই দিছিল কেন্দ্ৰীয় চৰকাৰে। এনে অভিযোগেৰেই কৰ্ণাটকৰ এখন আদালতত দাখিল কৰা এক আবেদনৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু আন কেইবাজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্তৰ নিৰ্দেশ দিছিল আদালতে। কিন্তু এতিয়া সেই তদন্তৰ পৰা সকাহ লাভ কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। সোমবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ে বিত্তমন্ত্ৰী সীতাৰমণৰ বিৰুদ্ধে তদন্তত স্থগিতাদেশ জাৰি কৰে। উল্লেখ্য যে, কৰ্ণাটককৰ ‘জনাধিকাৰ সংঘৰ্ষ সংগঠন’ নামৰ এটা সংস্থাৰ হৈ আদৰ্শ আয়াৰ নামৰ এজন ব্যক্তিয়ে বিত্তমন্ত্ৰী সীতাৰমণ আৰু কৰ্ণাটক বিজেপিৰ সভাপতি নলিনকুমাৰ কাটিলসহিতে কেইবাজনৰ বিৰুদ্ধে নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধন দাবী কৰাৰ অভিযোগ তুলি বাংগালুৰু আদালতত আবেদন দাখিল কৰিছিল। এই আবেদনৰ পৰিপ্ৰেক্ষিতত শনিবাৰে বাংগালুৰুৰ জনপ্ৰতিনিধি আদালতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ সদস্য নিৰ্মলা সীতাৰমণ আৰু সাংসদ নলিনৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইনৰ ১৭(ক) ধাৰাত গোচৰ ৰুজু কৰি তিনি মাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। মন কৰিবলগীয়া যে, যোৱা ১৫ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড আঁচনিখন ‘অসাংবিধানিক’ বুলি খাৰিজ কৰিছিল। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে ভাৰতীয় ষ্টেট বেংক আৰু নিৰ্বাচন আয়োগক বণ্ডৰ সৈতে জড়িত সকলো তথ্য প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিয়ে। সেই ৰায়দানত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড ব্যৱস্থাক ‘কুইড প্ৰ’ ক’’ বুলি মন্তব্য কৰিছিল। অৰ্থাৎ কিবা এটাৰ বিনিময়ত কাৰোবাক সুবিধা দিয়াৰ ব্যৱস্থা হিচাপে দেখুওৱা হৈছিল। লক্ষণীয় যে, নিৰ্বাচনী বণ্ডৰ সৈতে জড়িত তথ্য বিশ্লেষণত এই কথা স্পষ্ট হৈ পৰিছিল যে বেছিভাগ ক্ষেত্ৰতে কৰ্পৰেট সংস্থাসমূহে বণ্ডৰ জৰিয়তে শাসকীয় পক্ষক ধন দি সুবিধা লাভ কৰিছিল। কিন্তু এই আবেদন খাৰিজ কৰি উচ্চতম ন্যায়ালয়ে ২ আগষ্টত কয় যে নিৰ্বাচনী বণ্ডৰ জৰিয়তে দিয়া আৰু গ্ৰহণ কৰাৰ সময়ত অনুদানসমূহ ‘কুইড প্ৰ’ ক’’ আছিল নে ‘পক্ষপাতিত্বমূলক’ আছিল সেই সন্দৰ্ভত এতিয়া অনুসন্ধান কৰিব নোৱাৰি। অভিযোগ উত্থাপন হৈছে যে নিৰ্বাচনী বণ্ডৰ জৰিয়তে যি তিনি ধৰণৰ বিত্তীয় লেনদেন পোহৰলৈ আহিছে, প্ৰকৃততে সেয়া ধন দাবী। এই তিনি প্ৰকাৰৰ বিত্তীয় লেনদেনৰ ভিতৰত প্ৰথমটো হ’ল ৱৰ্ক পাৰ্মিট, লাইচেন্স লাভৰ বাবে অনুদান। দ্বিতীয়তে, ইডি, আয়কৰ বিভাগ বা চিবিআইৰ অভিযানৰ ঠিক পূৰ্বে বহু সংস্থাই বণ্ড দান কৰিছিল। বহু ক্ষেত্ৰত সংশ্লিষ্ট সংস্থাটোৱে অনুদানৰ ওপৰত সঠিক নিয়ন্ত্ৰণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। তৃতীয়তে, সংস্থাটোৰ অনুকূল নীতি সৃষ্টি কৰিবলৈ বণ্ডত অনুদান। উচ্চতম ন্যায়ালয়ত দাখিল কৰা ভাৰতীয় ষ্টেট বেংকৰ তথ্যৰ জৰিয়তে বহু কোম্পানীয়ে শাসকীয় দলক বণ্ডৰ জৰিয়তে ধন আগবঢ়াই অবৈধ সুবিধা লাভ কৰাৰ কথা পোহৰলৈ আহে। প্ৰসংগক্ৰমে উচ্চতম ন্যায়ালয়ে ইয়াক প্ৰত্যক্ষভাৱে ‘অসাংবিধানিক’ বুলি অভিহিত কৰিলেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী বণ্ডৰ বাবে যুক্তি আগবঢ়ায় আৰু দাবী কৰে যে নিৰ্বাচনত ক’লা ধনৰ ব্যৱহাৰ বন্ধ কৰিবলৈ এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। তেওঁ কয় যে যদি সৎ চিন্তা-চৰ্চা হয় তেন্তে সকলোৱে এদিন অনুশোচনা কৰিব। বিৰোধী দলসমূহে নিৰ্বাচনী বণ্ডক লৈ মিছা প্ৰচাৰ চলোৱা বুলিও কয় মোদীয়ে। আনহাতে লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে, নিৰ্বাচনী বণ্ড একেবাৰেই স্বচ্ছতাৰ কাৰ্যসূচী নহয়, বৰঞ্চ বিশ্বৰ আটাইতকৈ ডাঙৰ জালিয়াতিৰ চক্ৰ আৰু নৰেন্দ্ৰ মোদী ইয়াৰ মাষ্টাৰমাইণ্ড।