

বাক্সা জিলাৰ তামুলপুৰৰ ইক্ৰাবিলত খাদ্যৰ সন্ধানত লেকালয়লৈ ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে পতি-পত্নী।
নিহত লোক দুজন সুভাষ ৰয়(৬০) আৰু ফুলমালা ৰয় (৫০) বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা অনুসৰি নিজৰ ঘৰৰ তামোলবাৰীত কাম কৰি থাকোতে আজি সন্ধিয়া হঠাৎ এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰে দুয়োজনকে। হাতীৰ গচকত থিতাতে মৃত্যু হয় পতি-পত্নি দুয়োজনৰে।
উল্লেখযোগ্য যে আজি বিয়লি জাকৰ পৰা ফালৰিকাটি অহা এটা বনৰীয়া হাতীয়ে অঞ্চলটোত প্ৰবেশ কৰি উপদ্ৰৱ চলাই আতংকৰ সৃষ্টি কৰা বুলি স্থানীয় লোকে জানিব দিয়ে।