

থাইলেণ্ডৰ এখন স্কুল বাছত হোৱা অগ্নিকাণ্ডত ২৫ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু। সংবাদ সংস্থা এ এফ পিৰ তথ্য অনুসৰি বাছখনত ৪৪ জন লোক আছিল, ইয়াৰে ১৬ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান উদ্ধাৰ কৰ্মীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
অৱশ্যে সেই স্থানত উপস্থিত প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বাছখনৰ টায়াৰ ফাটি যোৱাৰ বাবেই অগ্নিকাণ্ড সংঘটিত হয়। ৰয়টাৰৰ তথ্য অনুসৰি মঙলবাৰে নিশা প্ৰায় ১২.৩০ বজাত বেংককৰ খু খোট অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা। স্কুল ভ্ৰমণৰ পৰা উভতি আহিছিল বাছখন। বাছখনত ৩ৰ পৰা ১৫ বছৰ বয়সৰ শিশু উপস্থিত আছিল। ইয়াৰ উপৰিও ৫ জন শিক্ষকো বাছখনত আছিল বুলি জানিব পৰা গৈছে।