
স্মাৰ্ট মিটাৰ সংযোগৰ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে। স্মাৰ্ট মিটাৰৰ জৰিয়তে সাধাৰণ ৰাইজক লুণ্ঠন চলোৱাৰ অভিযোগত সোমবাৰৰ দিনটোত চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ দলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
ৰাইজৰ দলৰ শ-শ নেতা-কৰ্মীয়ে আজি বিজুলী ভৱন ঘেৰাও কৰি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। নেতা-কৰ্মীসকলে হাতে হাতে ‘স্মাৰ্ট মিটাৰ বন্ধ কৰক’, ‘পুঁজিপতিৰ স্বাৰ্থত সাধাৰণ মানুহৰ ওপৰত লুণ্ঠন বন্ধ কৰক’ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
ৰাইজৰ দল, কামৰূপ মহানগৰ সমিতিৰ উদ্যোগত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত চৰকাৰে বিৰুদ্ধে তীব্ৰ ক্ষোভ উজৰা পৰিলক্ষিত হয়।
উল্লেখ্য যে, অসম চৰকাৰৰ বিদ্যুৎ বিভাগে ঘৰে ঘৰে সংস্থাপন কৰা স্মার্ট মিটাৰত অহা বিদ্যুৎ মাচুলে অসমৰ ৰাইজক আর্থিকভাৱে জুৰুলা কৰাৰ উপক্ৰম কৰিছে। বিদ্যুৎ বিভাগে সংস্থাপন কৰা স্মার্ট মিটাৰত অসমৰ উপভোক্তাই ব্যয় কৰা বিদ্যুতৰ বিপৰীতে বহুগুণ অধিক মাচুল ভৰিব লগা হৈছে।
ইয়াৰ উপৰি বিদ্যুৎ বিভাগে বহিৰাগত কোম্পানীৰ পৰা ক্ৰয় কৰা স্মার্ট মিটাৰসমূহত নানা বিসংগতিও ধৰা পৰিছে।