গৌৰৱ গগৈৰ উপস্থিতিত গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত গান্ধী জয়ন্তী পালন কৰা হয়৷ গৌৰৱ গগৈয়ে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক স্মৰণ কৰি কংগ্ৰেছীসকল উদ্দেশ্যে বিশেষ ভাষণ প্ৰদান কৰে৷ বিজেপিৰ নাম নোলোৱাকৈ দেশত আজিও গান্ধী আৰু গডছেৰ আদৰ্শক মানি চলা মানুহ আছে বুলি বিজেপিক তীব্ৰ আক্ৰমণ কৰে৷ গগৈয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আক্ৰমণ কৰি ঘৃণা, অহংকাৰৰ পৰাজয় হ’ব বুলি দাবী কৰিছে৷ সাংসদ গগৈয়ে দলৰ নেতা-কৰ্মীক উদ্দেশ্যে কয় যে আমি মহাত্মা গান্ধীৰ সৈনিক৷ সৈনিক হিচাপে গান্ধীৰ আদৰ্শ, বিচাৰধাৰা জীয়াই ৰখাটো আমাৰ কৰ্তব্যৰ৷ তাহানিতে মহাত্মা গান্ধীৰ বিচাৰধাৰা কিছুমান সংগঠন আৰু ব্যক্তিয়ে ভাল পোৱা নাছিল৷ জীৱিত অৱস্থাত গান্ধীক বিৰোধিতা কৰিছিল৷ তেনে লোকৰ প্ৰতিনিধি নাথুৰাম গডছেয়ে গান্ধীক অৱশেষত হত্যা কৰিছিল৷ আজিও সেই চিন্তাধাৰা, বিচাৰধাৰাৰ বিৰুদ্ধে যুদ্ধ চলি আছে৷ আমি যেনেদৰে মহাত্মা গান্ধীক আদৰ্শক মনা লোক জীৱিত আছো, তেনেকৈয়ে গডছেৰ আদৰ্শক মনা লোকো জীৱিত আছে৷ যুঁজ চলি আছে৷ ইতিহাস অধ্যয়ন কৰিলে যুঁজত সত্যৰ জয় হ’ব৷ গৌৰৱ গগৈয়ে অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ জয় নিশ্চিত বুলি দাবী কৰি কয় যে অহা বিধানসভাত জয় সত্যৰ হ’ব৷ ৰাইজৰ জয় হ’ব৷ ঘৃণা, অহংকাৰৰ পৰাজয় হ’ব৷ অত্যাচাৰৰ পৰাজয় হ’ব৷ বিভাজনকাৰী ৰাজনীতিৰ পৰাজয় হ’ব৷ গান্ধীৰ আদৰ্শ আমি নিৰন্তৰ ৰাইজৰ মাজলৈ নিয়াৰ চেষ্টা কৰিম৷ মাথো এটা দিনত নহয়, আমি পৰৱৰ্তী সময়ত সদ্ভাৱনা যাত্ৰা কৰিম৷ গান্ধীয়ে গ্ৰাম্য অৰ্থনীতি, পিছপৰা শ্ৰেণীৰ উন্নয়নৰ চিন্তা কৰিছিল৷ সেই চিন্তা আমি জীয়াই ৰাখিব লাগিব৷ সেয়েহে আমি জাতিগত জনগণনা কৰিব বিচাৰিছো৷ হৰিজনসকল কিমান আগবাঢ়িছে৷ কিমান পিছপৰি ৰৈছে৷ সেয়া আমি চাব খুজিছো৷ তেওঁলোকৰ মানসিক, সামাজিক সাংস্কৃতিক, আৰ্থনৈতিকভাবে উন্নয়ন হৈছে নে নাই সেয়া চাব লাগিব৷ আনহাতে, চৰকাৰী চাকৰি বিজেপিৰ মানুহে লাভ কৰাৰ অভিযোগ আনি গগৈয়ে কয় যে আজি চৰকাৰে টকা দিয়াত টাৰ্ম-এণ্ড-কণ্ডিচন বান্ধি দিছে৷ পইছা পাবলৈ হ’লে বিজেপি দলৰ সদস্য হ’ব লাগিব৷ এইখিনি কথাক লৈ আমি আগবাঢ়ি যাম৷ আমি মহাত্মা গান্ধীৰ সৈনিক৷ লোকসভা নিৰ্বাচনত মোক অভিমন্যূৱে সহায় কৰিছিল৷ এইবাৰৰ নিৰ্বাচনত প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীয়ে অৰ্জুনৰ দৰে কাম কৰিব লাগিব৷ অৰ্জুনৰ দৰে নিজ বুথ, পঞ্চায়ত আৰু বিধানসভা সমষ্টিৰ দায়িত্ব ল’ব লাগিব৷ মোক মাত্ৰ সময় দিয়ক৷ মই দলৰ পৰা বিচাৰিছো সময়৷ পদবী নালাগে৷ বিশেষ ভূমিকা নালাগে৷ অসমৰ ৰাইজৰ ওচৰত যাবলৈ সময় দিয়ক বুলিও দলক কয় গগৈয়ে৷
জনতা ভৱনত ধৰা পৰা খকুৱা পাৰ্থৰ ঘৰত টকাৰ উজান, উদ্ধাৰ হ’ল ৪৭ লাখ
ডিজিটেল ডেস্কঃ এইবাৰ অসম চৰকাৰৰ বৰঘৰতে হাত দাঙিলে এজন আবকাৰী বিষয়াই ৷ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই । অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা ৷…