আজি গুৱাহাটী আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গুৱাহাটীৰ পাণবজাৰত অভিযান চলাই দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তজন হৈছে ধনমণি দাস৷ দিছপুৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰ ভিত্তিত ধনমণি দাসক গ্ৰেপ্তাৰৰ পাছতে বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ খবৰ মতে, ধনমণি দাসে যুৱতীক ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কাম দিয়াৰ প্ৰলোভন দিছিল৷ প্ৰলোভন দি যুৱতীক যুৱতীক শাৰীৰিক সম্পৰ্ক কৰিবলৈ বাধ্য কৰাইছিল৷ এজন দুজন নহয় প্ৰায় বহু যুৱতীৰ সৈতে অপকৰ্ম সংঘটিত কৰি জীৱন ধ্বংস কৰিছে ধনমণিয়ে৷ যুৱতীক গোপন স্থানলৈ নি অসৎ কাৰ্যত লিপ্ত কৰাবলৈ বাধ্য কৰাইছিল৷ খাদ্য আৰু পানীয়ত নিচাযুক্ত দ্ৰব্য মিহলাই নিচাসক্ত অৱস্থাত যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিছিল। শাৰীৰিক সম্পৰ্ক গঢ়ি সেই দৃশ্য ৰেকৰ্ড কৰিছিল৷ সেই ভিডিঅ’ দেখুৱাই বহু যুৱতীক ব্লেকমেইল কৰি আহিছিল ধনমণিয়ে। দৰিদ্ৰ ঘৰৰ বিপদত পৰা যুৱতীক টাৰ্গেট কৰি লৈছিল৷ মোবাইলৰ পৰা মেছেজ দি হোটেললৈ মাতি অনাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে৷
জনতা ভৱনত ধৰা পৰা খকুৱা পাৰ্থৰ ঘৰত টকাৰ উজান, উদ্ধাৰ হ’ল ৪৭ লাখ
ডিজিটেল ডেস্কঃ এইবাৰ অসম চৰকাৰৰ বৰঘৰতে হাত দাঙিলে এজন আবকাৰী বিষয়াই ৷ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই । অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা ৷…