সুস্থ থকাৰ ৭টা সহজ উপায়…

ডিজিটেল ডেস্ক: এটা স্বাস্থ্যৱান শৰীৰ আমাৰ সকলোৰে কাম্য। কিন্তু ব্যস্ত জীৱনত স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰাটো কোনো কোনো সময়ত কঠিন হৈ পৰে। অৱশ্যে, দিনটোৰ আৰম্ভণি ভালকৈ কৰিলে স্বাস্থ্যকৰ জীৱনশৈলী মানি চলাটো সহজ হৈ পৰে।পুৱা মাত্ৰ কেইটামান বিশেষ অভ্যাস যদি আপোনাৰ দৈনন্দিন ৰুটিনৰ অংশ কৰি লয়, আপুনি সুস্থ আৰু সঠিক ভাৱে যাপন কৰিব পাৰিব। লগতে হ্ৰাস কৰিব পাৰিব শৰীৰৰ অতিৰিক্ত চৰ্বি। অভ্যাসকেইটা হৈছে-

পুৱা সোনকালে উঠা

সোনকালে সাৰ পোৱাৰ অভ্যাসে গোটেই দিনটো আপোনাৰ শক্তি আৰু উৎপাদনশীলতাক প্ৰভাৱিত কৰে। ই মানসিক স্বাস্থ্য উন্নত কৰাটো সহায়ক।

খালী পেটত কুহুমীয়া পানী খোৱা

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে খালী পেটত কুহুমীয়া পানী খোৱাটোৱে হজম শক্তি উন্নত কৰে। ই আপোনাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে আৰু বিপাক বৃদ্ধি কৰে। কুহুমীয়া পানী খালে পেটৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে, কিয়নো ই হজম প্ৰক্ৰিয়া মসৃণ আৰু খাদ্য হজম উন্নত কৰে। তদুপৰি, ই ছালখনকো শান্ত আৰু সতেজ কৰি তোলে। ৰাতিপুৱা কুহুমীয়া পানী খাই আপুনি শৰীৰৰ অতিৰিক্ত চৰ্বিও হ্ৰাস কৰিব পাৰে।

খালী পেটত জিৰা পানী খোৱা

ৰাতিপুৱা খালী পেটত জিৰা পানী খোৱাটোও আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী হ’ব পাৰে। জিৰাত এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী গুণ আছে, যি পেটৰ চৰ্বি হ্ৰাস কৰাত সহায়ক। জিৰা পানীয়ে পাচন তন্ত্ৰ উন্নত কৰে। যিয়ে খাদ্যৰ হজম উন্নত কৰাৰ লগতে পেট ফুলা সমস্যা হ্ৰাস কৰে। জিৰা পানী খোৱাৰ ফলত আপোনাৰ শৰীৰৰ বিপাকৰ হাৰো উন্নত হয়, যি ওজন হ্ৰাস কৰাৰ প্ৰক্ৰিয়াটো দ্ৰুত কৰিব পাৰে।তদুপৰি, জিৰাৰ গুণাগুণে আপোনাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে।যাৰ ফলত ছাল উজ্জ্বল হোৱাৰ লগতে শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস হয়।

ধ্যান, যোগ কৰা

ধ্যান আৰু যোগৰ বাবে সৰ্বশ্ৰেষ্ঠ সময় হৈছে ৰাতিপুৱা। এই দুয়োটা কাৰ্যকলাপে মানসিক শান্তি প্ৰদান কৰাৰ লগতে শাৰীৰিটোক সুস্থ কৰি ৰাখে।ধ্যানৰ অভ্যাসে মনটোক শান্ত কৰে আৰু মানসিক চাপৰ পৰা সকাহ দিয়ে। চাপ হ্ৰাস কৰিলে হৰমনৰ ভাৰসাম্যহীনতা উন্নত হয়, যি পেটৰ চৰ্বি হ্ৰাস কৰাতো সহায়ক হয়। ধ্যানৰ জৰিয়তে যদি আপুনি আপোনাৰ দিনটো ইতিবাচক মানসিকতাৰে আৰম্ভ কৰে, ই আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলাব পাৰে। যোগে শৰীৰৰ নমনীয়তা আৰু শক্তি বৃদ্ধি কৰাৰ লগতে অতিৰিক্ত চৰ্বি হ্ৰাস কৰাতো সহায়ক হয়।

ৰাতিপুৱাৰ আহাৰ

এক স্বাস্থ্যকৰ আৰু সন্তুলিত ৰাতিপুৱাৰ আহাৰে শৰীৰত গোটেই দিনটোৰ শক্তিৰ স্তৰ বজাই ৰাখে। ৰাতিপুৱাৰ খাদ্যত প্ৰ’টিন, আঁহ আৰু স্বাস্থ্যকৰ চৰ্বি অন্তৰ্ভুক্ত থাকিব লাগে, যিয়ে পেট সোনকালে ভৰ্তি কৰে।ৰাতিপুৱাৰ ভালদৰে আহাৰ গ্ৰহণ কৰিলে আপোনাৰ বিপাকৰ হাৰো বৃদ্ধি হয়, যিয়ে কেলৰি দহন প্ৰক্ৰিয়া উন্নত কৰে আৰু পেটৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে।

সতেজ ফল-পাচলি খোৱা

ৰাতিপুৱা সতেজ ফল আৰু পাচলি খালে ই আপোনাৰ শৰীৰক অত্যাৱশ্যকীয় ভিটামিন, খনিজ আৰু এণ্টিঅক্সিডেণ্ট প্ৰদান কৰে, যি আপোনাৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। ফল আৰু পাচলি পুষ্টিৰে সমৃদ্ধ আৰু সেইবোৰ নিয়মীয়াকৈ সেৱনে আপোনাক বহুতো স্বাস্থ্য উপকাৰিতা প্ৰদান কৰিব পাৰে।ফল আৰু পাচলিত থকা আঁহৰ বাবে ই হজম উন্নত কৰে আৰু পাকস্থলী দীঘলীয়া সময়ৰ বাবে ভৰ্তি কৰি ৰাখে।যাৰ ফলত ওজন হ্ৰাস কৰোতে আপোনাৰ সহায়ক হ’ব পাৰে।

গ্ৰীণ টি

ৰাতিপুৱা গ্ৰীণ টি খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে এক উত্তম বিকল্প হ’ব পাৰে। গ্ৰীণ টিত থকা কেটেচিন আৰু এপিগএলটেণ্টচিন গেলেট (ইজিচিজি) আদি এণ্টিঅক্সিডেণ্ট শৰীৰৰ বিপাক বৃদ্ধি কৰে আৰু চৰ্বি দহন প্ৰক্ৰিয়াটো উদ্দীপিত কৰে।তদুপৰি, গ্ৰীণ টি খোৱাৰ ফলত পাচন তন্ত্ৰ উন্নত হয়, যিয়ে খাদ্যৰ হজম উন্নত কৰে আৰু গেষ্ট্ৰিকৰ সমস্যা হ্ৰাস কৰে। গ্ৰীণ টিত প্ৰাকৃতিক কেফেইন থাকে, যি আপোনাৰ শক্তি বৃদ্ধি কৰে আৰু দিনটোৰ আৰম্ভণিতে শৰীৰটোক সতেজতা প্ৰদান কৰে।

  • Related Posts

    সাৱধান! আপোনাৰো নখ কমোৰাৰ অভ্যাস আছে নেকি?

    নখে প্ৰতিগৰাকী মহিলাৰে সৌন্দৰ্য্য বৃদ্ধি কৰাত এটি বিশেষ ভূমিকা পালন কৰে, কিন্তু আপুনি জানেনে যে এই নখৰ ভিতৰত কিমান বিপদজনক বেক্টেৰিয়া আৰু ভেঁকুৰ লুকাই থাকে, যিবোৰ আপোনাৰ স্বাস্থ্যৰ বাবে ডাঙৰ…

    খাদ্য পেকিং কৰা প্লাষ্টিকৰ কন্টেইনাৰ কিমান স্বাস্থ্যকৰ!

    ব্যস্ততাৰে ভৰা এই জীৱনত বহুতে অৰ্ডাৰ কৰা খাদ্য গ্ৰহণ কৰে ৷ কিন্তু এনে খাদ্য স্বাস্থ্যৰ পক্ষে কিমান ক্ষতিকাৰক সেয়া জানিলে হয়তো আপুনি আচৰিত হ’ব ৷ কাৰণ খাদ্য পেকিং কৰিবলৈ ব্যৱহাৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…