
ডিজিটেল ডেস্ক: দৃষ্টিশক্তি উন্নত কৰিব বিচাৰে যদি যিমান পাৰে সিমান হাঁহিবলৈ আৰম্ভ কৰক। কাৰণ হাঁহিলে চকুৰ শুষ্কতা হ্ৰাস হয়। শেহতীয়া এক অধ্যয়নত প্ৰমাণ হৈছে এই কথা। অধ্যয়নটোৱে প্ৰমাণ কৰে যে হাঁহিয়ে কেৱল মনকে সুখ প্ৰদান নকৰে, ই চকুৰো এক কাৰ্যকৰী আৰু প্ৰাকৃতিক চিকিৎসা।
ইউ কেৰ ব্ৰিটিছ গৱেষকসকলে প্ৰায় ৩৬ নিযুত লোকক লৈ এই অধ্যয়ন সম্পূৰ্ণ কৰিছিল।য’ত পোহৰলৈ আহিছিল যে প্ৰতি ৭ জনৰ ভিতৰত এজনৰ চকুৰ সমস্যা, বিশেষকৈ শুকান চকু, খজুৱতি, ৰঙা পৰা আদি সমস্যা আছে।এই অধ্যয়নত গৱেষকসকলে দুটা গোট গঠন কৰিছিল। এটা গোটক হাঁহিৰ ব্যায়াম দিয়া হৈছিল, আনটো গোটক চকুৰ ড্ৰপৰ জৰিয়তে চিকিৎসা কৰা হৈছিল।
প্ৰথম গোটটোক দিনত চাৰিবাৰ হাঁহিবলৈ দিয়া হৈছিল। আনহাতে দ্বিতীয় গোটে একে সময়তে চকুৰ ড্ৰপ ব্যৱহাৰ কৰিব লগা হৈছিল। অধ্যয়নটোৰ শেষত পোহৰলৈ আহিল যে হাঁহিৰ চিকিৎসাই চকুৰ ড্ৰপতকৈ যথেষ্ট ভাল ফলাফল দিছে। ইয়াৰ অৰ্থ হৈছে যে এতিয়া চকুৰ শুষ্কতা আঁতৰাবলৈ ব্যয়বহুল চকুৰ ড্ৰপৰ প্ৰয়োজন নাই, ভালকৈ হাঁহিলেই হয়।