

ডিজিটেল ডেস্কঃ কটন বিশ্ববিদ্যালয়ৰ ২০২৪-২৫ বৰ্ষৰ ছাত্ৰ একতা সভাৰ শুকুৰবাৰে ফলাফল ঘোষণা হয়। মহেন্দ্ৰ ডেকা ফুকন ছাত্ৰাবাস, শ্বহীদ কনকলতা ছাত্ৰী নিবাস আৰু ড০ কমলা ছাত্ৰী নিবাসৰ সমৰ্থিত ৭ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে৷ সভাপতি পদত জুবেৰ হাবিব, সাধাৰণ সম্পাদক পদত নীৰৱ হাজৰিকা, সহ-সাধাৰণ সম্পাদক পদত মুনমী তালুকদাৰ, তৰ্ক সম্পাদক পদত গীতাৰ্থ বৰা, সাংস্কৃতিক সম্পাদক পদত নীলাঞ্জনা বৰা, সংগীত বিভাগৰ সম্পাদক পদত একতা হাজৰিকা, সমাজ সেৱা পদত নূপুৰ কাশ্যপে জয়লাভ কৰিছে৷ এই ৭গৰাকী প্ৰাৰ্থীক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সমৰ্থন কৰা বুলি জানিব পৰা গৈছে৷ ছাত্ৰ মুক্তিৰ সমৰ্থত সভাপতি-সম্পাদকসহ ৭গৰাকী প্ৰাৰ্থীয়ে জয় লাভ কৰা বুলি দাবী কৰা হৈছে৷ আনহাতে, ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাস আৰু নলিনীবালা দেৱী ছাত্ৰী নিবাসে সমৰ্থন কৰা ৫ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে৷ উপ-সভাপতি নীলাক্ষী কাকতি, ছাত্ৰ জিৰণি কোঠা পদত কনকজ্যোতি ৰায়, ছাত্ৰী জিৰণি কোঠা পদত দিম্পী ডেকা, ফুটবল সম্পাদক পদত ৰাজদীপ কলিতা, এথলেটিক্স সম্পাদক পদত ডেনিয়েল চাংমাই জয়লাভ কৰে৷
সাধাৰণ সম্পাদক পদত তিনিজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও কুলদ্বীপ গৌতম শৰ্মা আৰু নীৰৱ হাজৰিকাৰ মাজত তুমূল প্ৰতিদ্বন্দ্বিতা হয় । অৱশেষত সাধাৰণ সম্পাদক পদত এটা ভোটৰ ব্যৱধানত নীৰৱ হাজৰিকাই জয়লাভ কৰে। ইফালে সভাপতি পদত বিজয়ী ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী জুবেৰ হাবিব। মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাৱাসৰ এগৰাকী আৱাসী জুবেইৰ হাবিব। উল্লেখ্য যে, বিনা প্রতিদ্বন্দ্বিতাৰে বিজয়ী হয় ৩ গৰাকী প্ৰাৰ্থী। আলোচনী সম্পাদক পদত বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী তুহিনকন্যা বৰা। ক্রিকেট সম্পাদকৰ পদত বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী ভাৰ্গৱ বেজবৰুৱা। লঘু ক্রীড়া সম্পাদকৰ পদত বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী পেৰিস্কাৰাণী বসুমতাৰী।