নতুন দিল্লীত ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান

ডিজিটেল ডেস্কঃ   ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে দিল্লীৰ বিজ্ঞান ভৱনত শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা-অভিনেত্ৰীসকলক সন্মানিত কৰে । এই ৰাষ্ট্ৰীয় বঁটাসমূহ এই বছৰৰ ১৬ আগষ্টত ঘোষণা কৰা হৈছিল । কানাড়া অভিনেতা ঋষভ শ্বেট্টী অভিনীত কান্তাৰাই শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰিছে ৷ মুখ্য অভিনেতা ঋষভ শ্বেট্টীক শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে । ২০২চনত কম বাজেটত নিৰ্মিত কান্তাৰা চলচ্চিত্ৰখনৰ উপাৰ্জন আছিল ৪০০কোটি টকা । কান্তাৰাৰ কাহিনীয়ে সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰ জগতত খলকনি তুলিছিল । ৰজনীকান্তকে ধৰি বহু তাৰকাই ঋষভ শ্বেট্টীৰ অভিনয় আৰু তেওঁৰ চলচ্চিত্ৰখনৰ প্ৰশংসা কৰিছিল ।

ঋষভ শ্বেট্টীয়ে কি ক’লে ?

উল্লেখ্য যে, কান্তাৰা নিজেই পৰিচালনা কৰিছে ঋষভ শ্বেট্টীয়ে আৰু তেওঁ ছবিখনত মুখ্য চৰিত্ৰতো অভিনয় কৰিছে । ৰাষ্ট্ৰীয় বঁটা লাভ কৰা সন্দৰ্ভত অভিনেতাগৰাকীয়ে কয়, “প্ৰতিখন ছবিয়েই ফলপ্ৰসূ, আমাৰ লক্ষ্য এনেকুৱা ছবি নিৰ্মাণ কৰা, যিয়ে সমাজখনক ইতিবাচকভাৱে প্ৰভাৱিত কৰি এক নতুন ৰূপ দিয়ে, ৰাষ্ট্ৰীয় বঁটাটোৱে এজন শিল্পীৰ প্ৰতি যথেষ্ট সন্মান ৰাখে ।”

ৰাষ্ট্ৰীয় বঁটা বিজয়ীৰ তালিকা

1.শ্ৰেষ্ঠ ফিছাৰ ফিল্ম: আত্তম

2.শ্ৰেষ্ঠ অভিনেতা: ঋষভ শ্বেট্টী (কান্তাৰা)

3.শ্ৰেষ্ঠ অভিনেত্ৰী: নিথ্যা মেনন আৰু মানসী পাৰেখ

4. শ্ৰেষ্ঠ পৰিচালক: সূৰজ বৰজাত্য

5. শ্ৰেষ্ঠ সহ-অভিনেত্ৰী: নীনা গুপ্তা

6. শ্ৰেষ্ঠ সহ-অভিনেতা: পৱন মালহোত্ৰা

7. শ্ৰেষ্ঠ মনোৰঞ্জনমূলক ফিছাৰ ফিল্ম: কান্তাৰা

8. শ্ৰেষ্ঠ তেলুগু চলচ্চিত্ৰ: কাৰ্তিকেয়া 2

9. শ্ৰেষ্ঠ তামিল চলচ্চিত্ৰ: পন্নিয়িন চেলভান পাৰ্ট 1

10. শ্ৰেষ্ঠ কানাড়া চলচ্চিত্ৰ: কেজিএফ চেপ্টাৰ 2

11. শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰ: গুলমোহৰ

  • Related Posts

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…