ৰাজ্য চৰকাৰে গতাই দিব ডিমা-হাচাওৰ ৯হাজাৰ বিঘা মাটি…

ডিজিটেল ডেস্কঃ আদানীক এইবাৰ গতাই দিবলৈ লৈছে প্ৰকৃতিৰ ৰাণী, উত্তৰ-পূবৰ ছুইজাৰলেণ্ড খ্যাত ডিমা-হাছাওৰ হাজাৰ হাজাৰ বিঘা মাটি। ডিমা হাছাওৰ উমৰাংছুত আদানী গ্ৰুপে এটা বৃহত্‍ চিমেণ্ট উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ তত্‍পৰতা আৰম্ভ কৰিছে। আদানী গ্ৰুপৰ এই চিমেণ্ট উদ্যোগৰ বাবে ষষ্ঠ অনুসূচী এলেকাত চৰকাৰে আদানী গ্ৰুপক প্ৰায় ৯০০০ বিঘা মাটি আবণ্টন দিবলৈ সাজু হৈছে।

বিষয়টোক লৈ ইতিমধ্যে তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে ডিমা হাছাওত। উক্ত ভূমিখিনি জৰীপ চলাই আদানী গ্ৰুপক গতাই দিয়াৰ উদ্দেশ্যেৰে যোৱা চৰকাৰৰ প্ৰতিনিধিক আৱদ্ধ কৰি স্থানীয় দল-সংগঠন তথা ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ দৰে ঘটনাও সংঘটিত হৈছে। সকলোৰে স্পষ্ট দাবী যে, কোনো পধ্যেই এই মাটি আদানীক গতাই দিবলৈ দিয়া নহব। জৈৱ বৈচিত্ৰক প্ৰভাৱ পেলাব পৰা এনে সিদ্ধান্ত চৰকাৰক প্ৰত্যাহাৰ কৰিবলৈ দাবী কৰিছে সকলোৱে।

প্ৰতিবাদকাৰী সকলে এই বিষয়টোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ আশা কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ সৈতে এক বৈঠকত মিলিত হোৱাৰো পোষকতা কৰিছে। স্থানীয় ৰাইজৰ সৈতে কোনো কথা আলোচনা নকৰাকৈ অসম চৰকাৰৰ বন বিভাগে উক্ত ভূমিখিনি আদানী গ্ৰুপত গতাই দিয়াৰ যোজা কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে, ওমৰাংছুত স্থাপন হোৱা ইটোৰ পিছত সিটো চিমেন্ট উদ্যোগে পৰিৱেশটোৰ পাৰিপাশ্বিকতা ইতিমধ্যে ধ্বংস কৰিছে। এই তথ্য বিভিন্ন সমীক্ষাত প্ৰকাশ পোৱাৰ পাছতে এতিয়া স্থানীয় ৰাইজ উদ্বিগ্ন হৈ পৰিছে।

ডিমা-হাচাওৰ অন্তৰ্গত এই ৯০০০বিঘা মাটিৰ অন্তৰ্গত হৈ আছে প্ৰায় ৯খন গাওঁ। বৰলিংচিংদাং, চেৰচৰাংছু, বৰলাং, চুইলাং, চিংকিলাংচু, হাইৱেলাংচ, চুলিকিংদং আদিকে ধৰি ৯খন গাঁৱৰ ভূমি আদানীক গতাই দিয়াৰ বাবে সকলো চিন্তা-চৰ্চা ইতিমধ্যে সম্পন্ন হৈছে।

ইফালে উক্ত প্ৰসংগক লৈ বিৰোধীয়েও চৰকাৰক তীব্ৰ কটাক্ষ কৰিছে। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে, আদানী গ্ৰুপক অন্য ভিন্ন ধৰণে সহায় কৰাৰ পাছত এইবাৰ অসমৰ ভূমি হিমন্ত বিশ্ব শৰ্মাই গতাই দিয়াৰ পাছত প্ৰমাণ হল যে, তেওঁ এতিয়া অসমৰ মুখ্যমন্ত্ৰীতকৈ বেছি আদানী গ্ৰুপৰ চাকৰিয়াল হে হৈ পৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে, ২০২৪ বৰ্ষৰে আগষ্ট মাহত উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদে উমৰাংচোৰ পৰা ১৫ কিলোমিটাৰ দূৰত ছোট লাৰকং গাঁৱত চিমেণ্ট উদ্যোগ স্থাপনৰ বাবে জে পি লক্ষ্মী চিমেন্টক ২০০০ বিঘা ভূমি আৱণ্টন কৰিছিল । গাঁৱৰ ৰাইজৰ সৈতে আলোচনা অবিহনে প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে তীব্ৰ প্ৰতিবাদো সাব্যস্ত হৈছিল । আৰু এই ঘটনাৰ প্ৰায় ২মাহৰ পাছতে অসম চৰকাৰে আদানী গ্ৰুপক গতাই দিবলৈ লৈছে ৯০০০বিঘা মাটি।

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…