ডিজিটেল ডেস্কঃ আজি বিজয়া দশমী। অশ্ৰুসিক্ত নয়নেৰে মা দুৰ্গাক বিদায় দিলে ভক্তগণে। ৰাজ্য়ৰ প্ৰায়ভাগ ঠাইতে নদীত বিসৰ্জন দিয়ে দুৰ্গা দেৱীৰ মৃণ্ময় প্ৰতিমা । মহিলাসকলে পৰম্পৰাগতভাৱে খেলিলে সেন্দুৰ । লগে লগে ম্লান পৰিল পূজা মণ্ডপ ।ৰাজ্য়ৰ আন ঠাইৰ লগতে মঙলদৈতো পালন কৰা হয় বিজয়া দশমী ।
নৱৰাত্ৰিৰ প্রথম দিনটোতে ধৰালৈ নামি আহিছিল দুৰ্গতিনাশিনী মা দুৰ্গা । এইবেলি আছিল দেৱীৰ দোলাত আগমন । দৰং জিলাত যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ প্ৰতি জিলা প্রশাসনে সতৰ্কতা অৱলম্বন কৰে । দেওবাৰে মঙলদৈত ১০০খন দুৰ্গা পূজাৰ প্রতিমা বিসৰ্জন দিয়া হয় মঙলদৈ নদীত । দৰং জিলা প্রশাসনৰ সহযোগত এই বিসৰ্জন কাৰ্য সম্পন্ন কৰা হয় ।
জিলাখনৰ তিনিটা স্থানত বিসৰ্জন দিয়ে এই মৃণ্ময় মূৰ্তিসমূহ । দৰঙৰ খাৰুপেটীয়াৰ টাঙনী নৈ আৰু মঙলদৈৰ প্ৰতিমাসমূহ মঙলদৈ নৈত বিসৰ্জন দিয়া হয় । ইপিনে, ছিপাঝাৰতো বিসৰ্জন দিয়া হয় প্ৰতিমা । মঙলদৈত হাজাৰ হাজাৰ ভক্তই বিসৰ্জনস্থলীত ভিৰ কৰে । সেয়েহে ইয়াৰ পূৰ্বেই বহু সংখ্য়ক আৰক্ষীৰ লগতে চিআৰপি মোতায়েন কৰা হয় । মঙলদৈ নদীত বিসৰ্জন দিয়া হৈছে মঙলদৈৰ পূজাৰ প্ৰতিমাসমূহ। দিনৰ ১১ বজাৰ পৰা নিশা ৯ বজালৈ বিসৰ্জনৰ সময় বান্ধি দিয়ে প্ৰশাসনে ।
ইপিনে,মঙলদৈ বিসৰ্জন ঘাটৰ কাষতে নিৰ্মাণ কৰা হয় ১০০ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিকৃতি । আবেলি ৰাৱণ দাহ প্ৰত্য়ক্ষ কৰিবলৈ হাজাৰ হাজাৰ লোকে ভিৰ কৰে । দৰঙৰ আয়ুক্ত পৰাগ কুমাৰ কাকতি নিজে বিসৰ্জন ঘাটত উপস্থিত থাকি মূৰ্তি বিসৰ্জন পৰিদৰ্শন কৰে ।