

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰচাৰ অব্যাহত ৰাখিছে প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰিপাব্লিকান পাৰ্টীৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে। তেনে এক প্ৰচাৰ ৰেলীৰ সময়তে পিষ্টলসহ এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ট্ৰাম্পৰ ৰেলীৰ বাহিৰত তালাচীৰ সময়ত লোকজনৰ পৰা শ্বটগান, গুলীভৰ্তি হেণ্ডগান, গোলাবাৰুদ আৰু কেইবাখনো ভুৱা পাছপ’ৰ্ট উদ্ধাৰ কৰে আৰক্ষীয়ে ।
আৰক্ষীয়ে জনোৱা মতে দক্ষিণ কেলিফৰ্ণিয়াত শনিবাৰে নিশা ড’নাল্ড ট্ৰাম্পৰ ৰেলী আছিল । ৰেলীৰ বাহিৰত আৰক্ষীয়ে চেক পইণ্ট স্থাপন কৰি বাহনসমূহত তালাচী চলাই আছিল । ৰিভাৰচাইড কাউণ্টিৰ শ্বেৰিফ চাড বিয়াংকোৱে দেওবাৰে আবেলি এক সংবাদমেলত কয় যে লাছ ভেগাছৰ বাসিন্দা ৪৯ বছৰীয়া লোকজনে ঘৰতে বনোৱা লাইচেঞ্চ প্লেটৰ সৈতে এখন পঞ্জীভুক্ত ক’লা এছইউভি চলাই আহিছিল । সেই সময়ত লছ এঞ্জেলছৰ পূবৰ কোচেল্লাত ৰেলীত নিয়োজিত আৰক্ষীয়ে বাহনখন ৰখাইছিল ।
বাহনখনৰ চালকে প্ৰথমে নিজকে সাংবাদিক বুলি দাবী কৰিছিল কিন্তু তেওঁৰ সঠিক প্ৰমাণপত্ৰ আছিল নে নাই সেয়া অস্পষ্ট আছিল । আৰক্ষীয়ে লক্ষ্য কৰিছিল যে বাহনখনৰ ভিতৰভাগ বিশৃংখল অৱস্থাত আছিল আৰু তালাচীৰ সময়ত আৰক্ষীয়ে অস্ত্ৰ আৰু বাৰুদ উদ্ধাৰ কৰে । লগতে বিভিন্ন নামৰ একাধিক পাছপোৰ্ট আৰু চালকৰ অনুজ্ঞাপত্ৰও আৰক্ষীয়ে উদ্ধাৰ কৰে । পাচত আৰক্ষীয়ে নেভাদাৰ বাসিন্দাজনক গ্ৰেপ্তাৰ কৰে ।
আৰক্ষীয়ে দাবী কৰা মতে এই ঘটনাই প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্প বা অনুষ্ঠানটোৰ উপস্থিত লোকসকলৰ সুৰক্ষাত কোনোধৰণৰ প্ৰভাৱ পেলাব পৰা নাই । ইফালে লোকজনৰ গ্ৰেপ্তাৰ হোৱাৰ সময়ত ট্ৰাম্প ৰেলীত উপস্থিত হোৱা নাছিল । উল্লেখ্য যে ৫,০০০ ডলাৰ জৰিমনাৰে পাচত লোকজনক জামিনত মুকলি কৰি দিয়া হয় । ২০২৫ চনৰ ২ জানুৱাৰীত আদালতে গোচৰটোৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব ।