১০ অক্টোবৰত অৱসৰ ল’ব ডি ৱাই চন্দ্ৰচূড়ে…

ডিজিটেল ডেস্কঃ অহা ১০ নৱেম্বৰত অন্ত পৰিব দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ কাৰ্যকাল। ইয়াৰ লগে লগে চৰ্চালৈ আহিছে পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ প্ৰসংগ। বিভিন্নজনৰ মনত প্ৰশ্ন উদয় হৈছে কোন হ’ব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ? ভাৰতীয় ন্যায় ব্যৱস্থাৰ এই শীৰ্ষ পদত কোন বহিব?

এনে চৰ্চাৰ মাজতে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে অৱসৰ লোৱাৰ পূৰ্বেই তেওঁৰ উত্তৰাধিকাৰী কোন হ’ব সেই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ এক প্ৰস্তাৱ আগবঢ়াইছে। তেওঁ বিচাৰিছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ সঞ্জীৱ খান্না হওক পৰৱৰ্তী মুখ্য ন্যায়াধীশ। অৱশ্যে এই প্ৰস্তাৱ তেওঁ দিয়াৰ পূৰ্বৰে পৰা ন্যায়াধীশ সঞ্জীৱ শৰ্মাৰ নাম চৰ্চাত আছিল।

সকলো ঠিকেই থাকিলে সঞ্জীৱ খান্না হ’ব ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ। অৱশ্যে এই পদত তেওঁ দীৰ্ঘসময় থাকিব নোৱাৰিব। মাত্ৰ ৬ মাহৰ বাবেহে তেওঁ মুখ্য ন্যায়াধীশৰ আসনত বহিব পাৰিব। কিয়নো তেওঁ ২০২৫ ৰ ১৩ মে’ত অৱসৰ গ্ৰহণ কৰিব।

১৯৬০ চনৰ ১৪ মে’ত জন্মগ্ৰহণ কৰা সঞ্জীৱ খান্নাই ১৯৮৩ চনৰ পৰা ন্যায় ব্যৱস্থাৰ সৈতে জড়িত হৈ পৰিছিল। তেওঁ ১৯৮৩ ত দিল্লী বাৰ কাউন্সিলৰ অধিবক্তা হিচাপে সদস্যপদ গ্ৰহণ কৰিছিল।

২০০৫ চনত তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে দায়িত্ব দিয়া হৈছিল। পাছত ২০০৬ ত তেওঁক এই পদত স্থায়ী নিযুক্তি হিচাপে মনোনীত কৰা হয়। ২০১৯ ৰ ১৮ জানুৱাৰীত তেওঁ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব লাভ কৰিছিল।

উল্লখ্যে বৰ্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ন্যায় ব্যৱস্থাৰ প্ৰতি মানুহৰ হেৰুওৱা আস্থা উভতাই আনিবলৈ বহু পৰিমাণে সফল হৈছিল। বহু কেইটা হাইপ্ৰফাইল গোচৰৰ তেওঁ শুনানি গ্ৰহণ কৰি দৃষ্টান্তমূলক ৰায় প্ৰদান কৰিছে। এই সমূহৰ ভিতৰত নিৰ্বাচনী বণ্ড কেলেংকাৰী, শবৰীমালা গোচৰ, সমকামী বিবাহ, জম্মু কাশ্মীৰৰ পৰা বিশেষ মৰ্যাদা প্ৰত্যাহাৰ, নাগৰিকত্ব আইনৰ ৬ (ক) দফা বাহাল ৰখা আদি।

২০২২ চনৰ ৯ নৱেম্বৰত তেওঁ উচ্চতম ন্যায়ালয়ৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব লৈছিল। ইয়াৰ পূৰ্বে ২০১৬ ত তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল।

  • Brahmaputra Times

    Related Posts

    দ্বিতীয়বাৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নয়াব সিং ছৈনীয়ে

    বিজেপিৰ নয়াব সিং ছৈনীয়ে বৃহস্পতিবাৰে দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । ছাইনীৰ লগত আৰু ১৩ জন মন্ত্ৰীয়ে শপতগ্ৰহণ কৰে । পঞ্চকুলাৰ দশহৰা খেলপথাৰত অনুষ্ঠিত এই শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী…

    সৰ্বানন্দ সোণোৱালসহ দেশৰ ৯ গৰাকীকৈ জ্যেষ্ঠ নেতাৰ পৰা আতৰিব এন এছ জিৰ নিৰাপত্তা

    ডিজিটেল ডেস্কঃ সৰ্বানন্দ সোণোৱালৰ সোঁৱে-বাৱে আৰু দেখা পোৱা নাযাব ক’লা বসনধাৰী দেশৰ দুৰ্ধৰ্ষ নিৰাপত্তা বাহিনী বুলি পৰিচিত এন এছ জিৰ বেষ্টনী ৷ কেৱল সোণোৱালেই নহয়, দেশৰ ৰাজনীতিত অতিকৈ চৰ্চিত ৯…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দ্বিতীয়বাৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নয়াব সিং ছৈনীয়ে

    দ্বিতীয়বাৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নয়াব সিং ছৈনীয়ে

    ১০ অক্টোবৰত অৱসৰ ল’ব ডি ৱাই চন্দ্ৰচূড়ে…

    ১০ অক্টোবৰত অৱসৰ ল’ব ডি ৱাই চন্দ্ৰচূড়ে…

    সৰ্বানন্দ সোণোৱালসহ দেশৰ ৯ গৰাকীকৈ জ্যেষ্ঠ নেতাৰ পৰা আতৰিব এন এছ জিৰ নিৰাপত্তা

    সৰ্বানন্দ সোণোৱালসহ দেশৰ ৯ গৰাকীকৈ জ্যেষ্ঠ নেতাৰ পৰা আতৰিব এন এছ জিৰ নিৰাপত্তা

    ন্যায়ালয়ৰ ৰায়ক আদৰণি চিপিআইএমৰ, কা’ৰ প্ৰয়োগ বন্ধ কৰাৰ দাবী

    ন্যায়ালয়ৰ ৰায়ক আদৰণি চিপিআইএমৰ, কা’ৰ প্ৰয়োগ বন্ধ কৰাৰ দাবী

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?