দীৰ্ঘ জল্পনা-কল্পনাৰ অন্তত আজি ঘোষণা কৰা হৈছে অসম লোকসেৱা আয়োগৰ মূল লিখিত পৰীক্ষাৰ ফলাফল৷ আজি লোকসেৱা আয়োগৰ অফিচিয়েল পৰ্টেলত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে৷ পৰ্টেলত উল্লেখ কৰা মতে, মূল পৰীক্ষাত ৭১১গৰাকী পৰীক্ষাৰ্থী সুখ্যাতিৰে উত্তীৰ্ণ হৈছে৷ অসম লোকসেৱা আয়োগৰ মূল পৰীক্ষাত উত্তীৰ্ণ ৭১১গৰাকী পৰীক্ষাৰ্থীয়ে ১৩ নৱেম্বৰত সাক্ষাতকাৰত অংশগ্ৰহণ কৰিব লাগিব৷ সাক্ষাৎকাৰক লৈ শীঘ্ৰে জাননী জাৰি কৰিব অসম লোকসেৱা আয়োগ কৰ্তৃপক্ষই৷ উল্লেখ্য যে, ৰাজপত্ৰিত বিষয়াৰ পদবী সহ ৰাজ্য চৰকাৰে প্ৰায় চাৰি শতাধিক পদবীৰ বাবে ২৬, ২৭ আৰু ২৮ জুলাইত অনুষ্ঠিত কৰিছিল মূল পৰীক্ষা৷ মূল পৰীক্ষাত অৱতীৰ্ণ হৈছিল ২,৮৯৮ গৰাকী পৰিক্ষাৰ্থী৷ ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজত অনুষ্ঠিত হৈছিল৷
বিষাক্ত দিল্লীৰ বাবে বুধবাৰৰ দিনটো আছিল সামান্য স্বস্তিৰ দিন
বিষাক্ত দিল্লীৰ বাবে বুধবাৰৰ দিনটো আছিল সামান্য স্বস্তিৰ দিন। ৰাজধানী দিল্লীৰ বতাহত প্ৰদূষণৰ মাত্ৰা বুধবাৰৰ দিনটোৰ ‘চৰম’ সীমাৰ পৰা সামান্য তললৈ নামে। অৱশ্যে এতিয়াও বিপদ হ্ৰাস পোৱা নাই ৰাজধানীৰ। বুধবাৰে…