শিৱসাগৰ জিলাত পুনৰ খিলঞ্জীয়া যুৱতীক প্ৰহাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শিৱসাগৰ জিলাৰ নামতি চাৰিআলি অসমীয়া যুৱতীক আক্ৰমণ কৰিবলৈ সাহস কৰিলে বহিৰাগতই৷ সুনীল ঠাকুৰ নামৰ হিন্দীভাষী যুৱকে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে৷ নামতিৰ ২নং অভয়াপুৰীয়াত গাঁৱৰ বুধিন চন্দ্ৰ দত্তৰ কন্যা পুৰবী দত্তই কালি বিয়লি বহিৰাগত সুনিল ঠাকুৰ আৰু পত্নী পুনম দেৱীৰ ঘৰলৈ গৈছিল৷ নামতি চাৰিআলিৰ আমগুৰি ৰো’ডত ভাড়াতীয়া হিচাপে থকা সুনিল ঠাকুৰৰ পৰা টিউচন কৰা টকা বিচাৰিছিল পুৰবী দত্তই৷ টকা বিচৰাই হ’ল কাল৷ পুৰবী দত্তক আক্ৰমণ কৰা বুলি অভিযোগ উঠিছে৷ বহিৰাগতৰ আক্ৰমণত আঘাটপ্ৰাপ্ত যুৱতীগৰাকী জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ বহিৰাগতই অসমীয়া যুৱতীক আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি গৰজি উঠিছে জিলাখনৰ বিভিন্ন জাতীয় সংগঠন৷ আটাছুৰ শিৱসাগৰ জিলাৰ সভাপতি অখিল আহোমে অসমত বহিৰাগতৰ দপদপনি কেতিয়াও নচলিব বুলি স্পষ্ট কৰে৷ চৰকাৰে যদি বহিৰাগতৰ ওপৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে শিৱসাগৰ জিলা বন্ধ দিয়াৰ হুংকাৰ প্ৰদান কৰিছে অখিল আহোমে৷ আনহাতে উজনি অসম থলুৱা মুছলিম পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিগত কেইবামাহ ধৰি অনাঅসমীয়া বহিৰাগতৰ হাতত অসমীয়া থলগিৰি যুৱক-যুৱতীসকল সময়ে সময়ে অপদষ্ট আৰু নিৰ্যাতিত হৈ আহিছে৷ দুৰ্ভগ্যজনক যে জাতীয় দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদৰ পাছতো অসমীয়া জাতিটোক যেন বহিৰাগতই কেৰেপ নকৰে আৰু এক প্ৰকাৰ অসমীয়া জাতিটোক বুঢ়া আঙুলি প্ৰদৰ্শন কৰি অসমৰ মাটিতেই নিজ ইচ্ছামতে দপদপাই আছে৷ গতিকে অনাঅসমীয়াৰ দপদপনি কোনো কাৰণতেই সহ্য কৰা নহব বুলি হুংকাৰ দিয়ে সংগঠনটোৱে৷ নামতি আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ পিতৃয়ে নামতি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত সুনীল ঠাকুৰক গ্ৰেপ্তাৰ কৰে৷
বিষাক্ত দিল্লীৰ বাবে বুধবাৰৰ দিনটো আছিল সামান্য স্বস্তিৰ দিন
বিষাক্ত দিল্লীৰ বাবে বুধবাৰৰ দিনটো আছিল সামান্য স্বস্তিৰ দিন। ৰাজধানী দিল্লীৰ বতাহত প্ৰদূষণৰ মাত্ৰা বুধবাৰৰ দিনটোৰ ‘চৰম’ সীমাৰ পৰা সামান্য তললৈ নামে। অৱশ্যে এতিয়াও বিপদ হ্ৰাস পোৱা নাই ৰাজধানীৰ। বুধবাৰে…