বিষাক্ত ৰাজধানী দিল্লীৰ বায়ুমণ্ডল

পোহৰৰ উৎসৱ দিপাৱলীলৈ কেইটামান দিন বাকী থকা অৱস্থাত দিল্লীত বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা ৷ বিষাক্ত ধোঁৱা আৰু কুঁৱলীয়ে আৱৰি ধৰিছে ৰাজধানী দিল্লীৰ বহুতো অঞ্চল ৷ আনন্দ বিহাৰ অঞ্চলত বায়ুৰ গুণগত মান (AQI) পুৱা ৮.৩০ বজাত ৪৫৪ হৈছিল ৷ ইয়াক অতি বিপজ্জনক অৱস্থা বুলি গণ্য কৰা হয় ৷ দ্বাৰকা, ছেক্টৰ-৮ আদিত পুৱা ৮.৩০ বজাত AQI 311 লৈ অৱনমিত হৈছে, যিটো অতি দুৰ্বল বুলি কোৱা হৈছে ৷

ৰাষ্ট্ৰীয় ৰাজধানীৰ ITO ত পুৱা ৮.৩০ বজাত AQI 232 ত উপনীত হয়, ইয়াক দুৰ্বল শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয় ৷ একেদৰে জাহাংগীৰপুৰীত AQI 350, নেহৰুপাৰ্ক আৰু কাষৰীয়া অঞ্চলত AQI 254 লৈ অৱনমিত হৈছে ৷ ‘‘দিল্লীত বতৰ ঠাণ্ডা আৰু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে ৷ ৰাষ্ট্ৰীয় ৰাজধানীখনত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ বাবে মানুহে মাস্ক পৰিধান কৰিবলগীয়া হৈছে ৷’’ দিল্লীৰ এগৰাকী বাসিন্দাই এইদৰে কয় ৷

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ মতে AQI অতি বিপজ্জনক হিচাপে চিহ্নিত হোৱা ঘটনাই মানুহৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে ৷ ইতিমধ্যে যিসকল লোক ৰোগগ্ৰস্ত হৈ আছে তেওঁলোক অধিক আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে ৷ AQI দুৰ্বল হিচাপে চিহ্নিত হ’লে সৰহ সংখ্যক লোক শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সন্মুখীন হয় ৷ একেদৰে AQI অতি দুৰ্বল হ’লেও দীৰ্ঘসময়লৈ শ্বাস-প্ৰশ্বাসৰ সমস্যা হ’ব পাৰে ৷

  • Brahmaputra Times

    Related Posts

    গুজৰাটত ভয়ংকৰ ঘটনা, বুলেট ট্ৰেইনৰ বাবে নিৰ্মাণৰত ব্ৰীজ খহি এজনৰ মৃত্যু

    বুলেট ট্ৰেইনৰ বাবে নিৰ্মাণ কৰি থকা এখন ব্ৰীজ খহি পৰি এজনৰ মৃত্যুৰ লগতে আহত হৈছে বহু লোক। এই ভয়ংকৰ ঘটনা সংঘটিত হয় গুজৰাটত। নিৰ্মীয়মান ব্ৰীজখন খহি পৰাৰ ফলত ধ্বংসস্তূপৰ মাজত…

    ২০৩৬ ত ভাৰতত অনুষ্ঠিত হ’ব অলিম্পিক!

    ২০৩৬ ত ভাৰতত অনুষ্ঠিত হ’ব পাৰে বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিক। এই প্ৰতিযোগিতাখন আয়োজনৰ বাবে স্বত্ব বিচাৰি আন্তঃৰ্জাতিক অলিম্পিক সন্থাৰ ওচৰত আবেদন জনাইছে ভাৰতে।প্ৰধানমন্ত্ৰী মোডীৰ সপোন আছে ভাৰতত অলিম্পিক অনুষ্ঠিত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    গুজৰাটত ভয়ংকৰ ঘটনা, বুলেট ট্ৰেইনৰ বাবে নিৰ্মাণৰত ব্ৰীজ খহি এজনৰ মৃত্যু

    গুজৰাটত ভয়ংকৰ ঘটনা, বুলেট ট্ৰেইনৰ বাবে নিৰ্মাণৰত ব্ৰীজ খহি এজনৰ মৃত্যু

    ২০৩৬ ত ভাৰতত অনুষ্ঠিত হ’ব অলিম্পিক!

    ২০৩৬ ত ভাৰতত অনুষ্ঠিত হ’ব অলিম্পিক!

    সন্ত্ৰাসমুক্ত ভাৰত গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ মোদী চৰকাৰঃ অমিত শ্বাহ

    সন্ত্ৰাসমুক্ত ভাৰত গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ মোদী চৰকাৰঃ অমিত শ্বাহ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ