তামোলৰ ঢকুনা জাপি লুকুৱাই থোৱা ৬০ লাখটকীয়া ‘AUDI’ উদ্ধাৰ

বিলাসী অডি বাঁহনিত লুকাই থৈ পলায়ন কৰিছে গৰাকী৷ কিয়নো গৰাকীয়ে মানুহৰ পৰা লক্ষ লক্ষ টকা সংগ্ৰহ কৰি প্ৰৱঞ্চনা কৰি পলায়ন কৰিছে৷ বাঁহনিত এখন অডি বাহন উদ্ধাৰৰ পাছতে চাঞ্চলাৰ সৃষ্টি হৈছে তিতাবৰত৷ গাড়ীখন ট্রেডিং এফেক্সৰ ধন লুটি পলায়ন কৰা প্ৰৱঞ্চক প্ৰফুল্ল বৰাৰ বুলি চৰ্চা চলিছে৷ জানিব পৰা মতে, তিতাবৰৰ স্বাস্থ্য বিভাগৰ সাধাৰণ কৰ্মচাৰী প্ৰফুল্ল বৰা আছিল ট্রেডিং এফেক্সৰ অন্যতম এজেণ্ট আছিল৷ কেইবা শ লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল প্ৰফুল্ল বৰাই৷ কিন্তু ট্ৰেডিং কেলেংকাৰীৰ বাতৰি প্ৰকাশৰ পাছতে পলায়ন কৰিছে৷ দীৰ্ঘদিন ধৰি পলাই থকা প্ৰফুল্ল বৰাই বহু লোকৰ পৰা ট্ৰেডিঙত ধন বিনিয়োগ কৰি সেই ধন দুগুণ কৰি দিয়া প্ৰতিশ্ৰুতি দিছিল৷ তেওঁৰ কোম্পানী আছিল ট্রেডিং এফেক্স৷ সেই ধনেৰে বিলাসী বাহন, তিতাবৰৰ বিভিন্ন ঠাইত ভূমি ক্ৰয় কৰাৰো অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। ট্রেডিং এফেক্সৰ বিনিয়োগকাৰীয়ে তিতাবৰৰ বগাৰগাঁৱত উপস্থিত হৈ পলাতক প্ৰফুল্ল বৰাই লুকুৱাই থোৱা AS-03AL-3312 নম্বৰৰ বিলাসী অডি বাহনখন উদ্ধাৰ কৰে। সম্পৰ্কীয় ককায়েকৰ ঘৰত লেতেৰা কাপোৰ আৰু তামোলৰ ঢকুৱা জাপি দি লুকুৱাই ৰাখিছিল বাহনখন৷ এইগৰাকী প্ৰৱঞ্চক প্ৰফুল্ল বৰাই তিতাবৰৰ ভিন্ন ক্ৰয় কৰা ভূমি আৰু সম্পত্তি শীঘ্ৰে উদ্ধাৰ হ’ব বুলি দাবী কৰিছে ভুক্তভোগীয়ে৷ প্ৰফুল্ল বৰাই ট্রেডিঙৰ জৰিয়তে বিশাল সম্পত্তিৰ মালিক হৈছিল। তিতাবৰ আৰক্ষীয়ে আৰু চিআইডিৰ দলে প্ৰফুল্ল বৰাক কিয় গ্ৰেপ্তাৰ কৰা নাই বুলি অভিযোগ আনিছে ভুক্তভোগীয়ে? তিতাবৰৰ ট্রেডিং কেলেংকাৰীৰ মাষ্টাৰ প্ৰফুল্ল বৰাৰ ক্ষেত্ৰত প্ৰশাসন নীৰৱ কিয় বুলিও প্ৰশ্ন উত্থাপন কৰিছে৷ আনহাতে, শ-শ লোকক প্ৰৱঞ্চনা কৰা বৰাই প্ৰায় ৬০ লাখ টকীয়া বাহনখন আৰক্ষীৰ চকুত ধূলি ৰখাটো সম্ভৱ নে বুলিও একাংশই প্ৰশ্ন উঠাইছে?

  • Related Posts

    সূৰ্য্য দাসৰ ঘৰত অনুসূচিত জাতিৰ সংগঠনৰ প্ৰতিনিধি, গুৱাহাটীত প্ৰতিমূৰ্তি স্থাপন, বঁটা ঘোষণাৰ দাবী

    অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত অনুসূচিত জাতিৰ সংগঠনসমূহৰ এটা প্ৰতিনিধি দলে গণশিল্পী সূৰ্য্য দাসৰ গুৱাহাটীৰ ঘৰলৈ গৈ গণশিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে প্ৰতিচ্ছৱিত মাল্যপৰ্ণ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা…

    হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ মুখ্যমন্ত্ৰীৰ

    শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত কৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…