ঝাৰখণ্ডৰ নিৰ্বাচনক লৈ ৰাজ্যখনত দিন-ৰাতি একাকাৰ কৰি ঘূৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছক আক্ৰমণ কৰি কয় যে, প্ৰতিটো নিৰ্বাচনতে কংগ্ৰেছে ২০ শতাংশ টিকট বিক্ৰী কৰে । কংগ্ৰেছ বিধায়ক উমাশংকৰ আকেলাক বৰহীৰ পৰা টিকট প্ৰত্যাখ্যান কৰাৰ পিছতে তেওঁ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
কংগ্ৰেছে দুই কোটি টকাকৈ টিকট বিক্ৰী কৰি থকা বুলি উমাশংকৰ আকেলাৰ অভিযোগক একপ্ৰকাৰ ন্যায্যতা প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “ময়ো কংগ্ৰেছত আছিলো । যদি কোনোবা বিধানসভা নিৰ্বাচনত ১০০ খন আসন থাকে, তেন্তে কংগ্ৰেছত তেওঁলোকৰ ভিতৰত ২০ খন আসন বিক্ৰী কৰাৰ পৰম্পৰা আছে । উমাশংকৰ আকেলাই যি কৈছে সেয়া মোৰ বাবে নতুন কথা নহয় । মই দেখিছো যে নিৰ্বাচন অনুষ্ঠিত হোৱা প্ৰতিখন ৰাজ্যতে কংগ্ৰেছৰ 20 শতাংশ টিকট বিক্ৰী হয় ।”
টিকট বঞ্চিত বিজেপি প্ৰাৰ্থীৰ বিসম্বাদ সন্দৰ্ভত সংবাদ মাধ্যমে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, “সকলোৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে মনোনয়নো প্ৰদান কৰে । কিন্তু মনোনয়ন প্ৰত্যাহাৰৰ তাৰিখলৈকে তেওঁলোকক সৈমানো কৰোৱা হয় । তেওঁলোকক সৈমান কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে আৰু আমাৰ ব্যৱস্থাই কাম কৰি আছে ।”