চিদলীত প্ৰচাৰ অভিযানত নামি পৰিছে কংগ্ৰেছ-বিপিএফ…

চিদলী বিধানসভাৰ উপ-নিৰ্বাচনক লৈ নিৰ্বাচনী প্ৰচাৰ তুংগত। শনিবাৰে সমষ্টিৰ বহু কেইটা অঞ্চলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কংগ্ৰেছ প্ৰাৰ্থী সঞ্জীৱ কুমাৰ ৱাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় । বৰাই কয়, “সমষ্টিটোৰ ২৭৩ টা বুথ কেন্দ্ৰৰ ভোটাৰৰ সৈতে সৰু সৰু পেকেট মিটিঙৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ চলোৱা হ’ব ।”

তেওঁ লগতে কয়,  আমাৰ দুৰ্নীতিৰ টকা নাই গতিকে আমি ডাঙৰ ডাঙৰ সভা পাতিব নোৱাৰিম, খৰচ আছে । গতিকে আমাৰ প্ৰাৰ্থীৰ সৈতে বিধায়ক জাকিৰ হুছেইন শিকদাৰ, মীৰা বৰঠাকুৰ, গৰ্জন মুছাহাৰীসহ ৰাজ্যিক আৰু জিলা সমিতিৰ বিষয়ববীয়াই সভা পাতিব ।” কংগ্ৰেছ প্ৰাৰ্থীগৰাকী প্ৰচাৰ চলাই বৰাই আৰু কয়, “ইউ পি পি এল-বি পি এফ ছদ্মবেশি বিজেপি । দুয়ো দল বিজেপিৰ বি টিম । দুয়োটা দলৰ সন্মুখত প্ৰতীক এটা পিছফালে বিজেপিৰ প্ৰতীক ।” এয়া বিজেপিৰ নিৰ্দেশ বুলিও কয় ভূপেন বৰাই ।

তেওঁ আৰু কয়, “ইউ পি পি এল-বি পি এফ দলে দিছপুৰ বা দিল্লীত চৰকাৰ গঠন কৰিব নোৱাৰে । কেৱল কংগ্ৰেছেহে পাৰিব । যিহেতু ২০২৬ ত অসমত অসমবাসীয়ে কংগ্ৰেছৰ চৰকাৰ গঠন কৰিব বিচাৰিছে । বিজেপিয়ে বি পি এফ-ইউ পি পি এলক ধ্বংশ কৰি বি টি আৰ দখলৰ চিন্তা কৰিছে ।” গতিকে ৰাইজে জোৰা টাপলিৰে চৰকাৰ গঠন কৰাতকৈ পোনে পোনে কংগ্ৰেছ দলক ভোট দিয়াৰ বাবে আহ্বান ভূপেন বৰাৰ ।

ইফালে, চিৰাঙৰ চিদলী বিধানসভা সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীৰ নিৰ্বাচনী সভা কাশিকত্ৰাত অনুষ্ঠিত হয় । চিৰাং ব্লক বি পি এফৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত নিৰ্বাচনী কমিটী গঠন কৰে বি পি এফে । সচিন বসুমতাৰীক সভাপতি আৰু সুকুমাৰ গয়াৰীক আহ্বায়ক হিচাবে লৈ ৬১ জনীয়া নিৰ্বাচনী কমিটি গঠন কৰে জিলা সভাপতি জেমচ বসুমতাৰীৰ সভাপতিত্বত । অনুষ্ঠানত ডেৰ শতাধিক যুৱ ভোটাৰে বি পি এফ দলত যোগদান কৰে ৷ তেওঁলোকক বি পি এফ দলৰ পৰা দলীয় গামোচাৰে আদৰণি জনোৱা হয় ।

ইফালে বি পি এফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীয়েও চিদলীত নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ কয়, “আজিৰ তাৰিখত বি টি চিত বি পি এফ দল এটা শক্তিশালী দল হিচাবে থিয় দিছে । কোন দলৰ নেতাই কি কয় তাৰ প্ৰতি ভ্ৰুক্ষেপ নকৰি বি টি চি গঠনৰ পৰা বি পি এফে কি কৰিলে আৰু তাৰ আগত কি আছিল এতিয়া কি হৈছে সেয়া তুলনা কৰি চাবলৈ ৰাইজক অনুৰোধ জনায় বিপিএফৰ প্ৰাৰ্থীজনে ।

একেদৰে চিদলী সমষ্টিত বিধায়ক, সাংসদ, মন্ত্ৰী আদিয়ে ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক লগত লৈ দিনে-নিশাই প্ৰচাৰ অভিযান চলোৱাৰ কথা জনাই কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ তথা ইউ পি পি এলৰ নিৰ্বাচনী সমিতিৰ সভাপতি জয়ন্ত কুমাৰ বসুমতাৰীয়ে ।

  • Related Posts

    আজিৰ পৰা নেহৰুবালিৰ কলঙৰ বাকৰিত ‘নগাওঁ গ্ৰন্থমেলা-২০২৪’

    নগাঁৱৰ নেহৰুবালিৰ কলঙৰ বাকৰিত ১৭ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা- ২০২৪। কিৰণ শংকৰ, ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত ২৫ ডিচেম্বৰলৈকে চলিব এই গ্ৰন্থমেলাখনি । ১৭ ডিচেম্বৰৰ পুৱা ৯-৩০ বজাত…

    পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন…

    ৰাজ্যৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্রা সংযোজনেৰে দেওবাৰে পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত ভূমি-পূজন অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । ৰাজ্যৰ পথ যোগাযোগৰ আন্তঃগাঁথনি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…