ৰোজগাৰ মেলা: ৫১,০০০ তকৈ অধিক প্রার্থীক নিযুক্তি পত্ৰ বিতৰণ মোডীৰ

আজি ‘ৰোজগাৰ মেলা’ৰ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ তথা সংস্থাত নৱনিযুক্ত দেশৰ ৫১,০০০তকৈও অধিক প্রার্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই অনুষ্ঠানৰ অংশ হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্রেক্ষাগৃহত আয়োজিত ‘ৰোজগাৰ মেলা’ৰ কাৰ্যসূচীত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল উপস্থিত থাকে আৰু প্রার্থীসকলক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰে।

কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ তথা সংস্থাত নৱনিযুক্ত ১৪৪ গৰাকী প্ৰাৰ্থীক গুৱাহাটীত নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। অনুষ্ঠানত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ধনতেৰাছৰ শুভেচ্ছা প্ৰদান কৰে।এই বছৰৰ দীপাৱলী বিশেষ হ’ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, প্রভু শ্রী ৰামচন্দ্ৰৰ বিগ্ৰহ ৫০০ বছৰৰ মূৰত অযোধ্যাৰ আটকধুনীয়া মন্দিৰটিত প্ৰাণ প্রতিষ্ঠা হোৱাৰ পাছত এইবাৰ হ’ব প্রথম দীপাৱলী।

তেখেতে কয় যে, কেইবাটাও প্রজন্মই এই দীপাৱলীৰ বাবে অপেক্ষা কৰিছে, আনহাতে বহুতে এই ঐতিহাসিক ক্ষণৰ বাবে প্ৰাণত্যাগ কৰিছিল, প্রতিকূলতাৰ সম্মুখীন হৈছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ প্ৰজন্ম এনে অভূতপূর্ব উদযাপনৰ সাক্ষী হ’ব পৰাটো অত্যন্ত সৌভাগ্যৰ বতৰা। এই উৎসৱমুখৰ পৰিৱেশত প্রধানমন্ত্রীয়ে কয় যে আজি দেশৰ ৫১,০০০ যুৱক-যুৱতীক চৰকাৰী চাকৰিৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে, যিয়ে দেশৰ যুৱশক্তিক ন উদ্যমেৰে আগুৱাই যাবলৈ উৎসাহিত কৰিব।

“ইউপিএ চৰকাৰৰ দিনত স্পষ্ট নীতি আৰু সুঅভিপ্ৰায়ৰ অভাৱ আছিল, ভাৰতে আগতে কেইবাটাও ক্ষেত্রত বিশেষকৈ প্রযুক্তিবিদ্যাত যথেষ্ট পিছপৰি আছিল। ভাৰতে সমগ্ৰ বিশ্বৰ পৰা নতুন প্ৰযুক্তিৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছিল আৰু পশ্চিমত যিটো প্রযুক্তি ইতিমধ্যে পুৰণি বুলি গণ্য কৰা হৈছিল, সেয়া অৱশেষত আমাৰ দেশত উপনীত হৈছিল। পিছে আমাৰ চৰকাৰৰ দিনত এতিয়া সময় সলনি হৈছে, এতিয়া মেক ইন ইণ্ডিয়াৰ জৰিয়তে ভাৰতে অত্যাধুনিক নতুন নতুন প্রযুক্তি দেশৰ ভিতৰতে উদ্ভাৱন কৰি আত্মনিৰ্ভৰশীলতাৰ পৰিচয় দাঙি ধৰিছে।”মোদীয়ে উল্লেখ কৰে।

তেওঁ উল্লেখ কৰে যে, দেশৰ প্ৰতিটো খণ্ডই এতিয়া বিভিন্ন ক্ষেত্ৰত যুৱচামৰ বাবে ন ন সুযোগ-সম্ভাৱনা মুকলি কৰিছে। “আজি ভাৰতত বৃহৎ বিনিয়োগ হৈছে আৰু অভিলেখ সংখ্যক সুযোগ সৃষ্টি কৰা হৈছে”, তেওঁ কয়।

প্রধানমন্ত্রীয়ে লগতে কয় যে, যোৱা আঠ বছৰত ১.৫ লাখতকৈও অধিক ষ্টার্টআপ আৰম্ভ কৰা হৈছে, যাৰ ফলত ভাৰত বিশ্বৰ তৃতীয় সর্ববৃহৎ ষ্টার্টআপ পৰিস্থিতিতন্ত্ৰ হৈ পৰিছে। তেওঁ লগতে কয় যে, এই খণ্ডসমূহে দেশৰ যুৱক যুৱতীসকলক বিকাশ আৰু নিযুক্তিৰ অফুৰন্ত সুযোগ প্রদান কৰিছে।

প্রধানমন্ত্রী ইন্টার্নশ্বিপ যোজনাৰ উদ্ধৃতি দি নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ শীৰ্ষ ৫০০টা কোম্পানীত পেইড ইণ্টাৰ্নশ্বিপৰ ব্যৱস্থা কৰা হৈছে, য’ত প্রতিজন ইন্টার্নক এবছৰৰ বাবে প্ৰতিমাহে ৫,০০০ টকাকৈ দিয়া হ’ব। তেওঁ লগতে কয় যে চৰকাৰৰ লক্ষ্য- অহা ৫ বছৰত এক কোটি যুৱক-যুৱতীয়ে ইন্টার্নশ্বিপৰ সুযোগ পোৱাটো নিশ্চিত কৰা।

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে