দীপাৱলী উদযাপনৰ মাজতে ৰাজ্যৰ ভিন্ন স্থানত অগ্নিকাণ্ড

দীপাৱলীৰ আনন্দ-উছাহৰ মাজতে নিশা ৰাজ্যৰ কেইবাটাও স্থানত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । ডিব্ৰুগড়ৰ জিলাৰ দুটাকৈ স্থানত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে । নিশা মৰাণ নগৰৰ মাজমজিয়াত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড ।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা দ্বাৰিকা এনক্লেভ নামৰ এটা এপাৰ্টমেণ্টৰ দ্বিতীয় মহলাত থকা ‘চিল্কালেণ্ড’ নামৰ কাপোৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ এটা গুদামত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ নিশা প্ৰায় ১০.১৫ বজাত গুদামটোৰ পৰা ধোঁৱা নিৰ্গত হোৱা লক্ষ্য কৰি একাংশ স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷

অভিশেষ মৌৰৰ মালিকাধীন দ্বাৰিকা এনক্লেভৰ দ্বিতীয় মহলাত থকা কাপোৰৰ গুদামটোত টিনৰ বেৰ আছিল ৷ আতচবাজীৰ ফিৰিঙতি আহি গুদামত পৰাৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷ ঘটনাস্থলীত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় যদিও কেইবালাখ টকাৰ মূল্যৰ কাপোৰ জুইত নষ্ট হয় । মৰাণ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অগ্নিকাণ্ড সন্দৰ্ভত প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷

আনহাতে দীপাৱলীৰ দিনটোতে নিশা ডিব্ৰুগড়ৰ লালমাটিতো এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডত ভস্মীভূত হয় বাৰ্বী ষ্ট’ৰ নামৰ এটা শ্ব’ৰুম । শ্ব’ৰুমটোৰ স্বতাধিকাৰী পাপু দাস বুলি জানিব পৰা গৈছে । ১০ লক্ষাধিক টকাৰ সম্পত্তি নষ্ট হোৱা বুলি দাবী কৰিছে শ্ব’ৰুমটোৰ কৰ্তৃপক্ষই ।

অগ্নিনিৰ্বাপক বাহিনী সময়মতে উপস্থিত হৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় । অগ্নিকাণ্ড ফটকাৰ ফিৰিঙতিৰ পৰা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে । ইফালে ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । আনহাতে অগ্নিকাণ্ডত আঘাতপ্ৰাপ্ত দুজন লোকক এএমচিএইছলৈ প্ৰেৰণ কৰা হৈছে ।

দীপাৱলীৰ আনন্দ-উল্লাহৰ মাজতে কাছাৰৰ শিলচৰত আন এক অগ্নিকাণ্ড সংঘটিত হয় । শিলচৰৰ ছেকেণ্ড লিং ৰোডত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ ৯ নং লেনৰ প্ৰতিমা নাথ নামৰ এগৰাকী মহিলাৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডত । স্থানীয় লোকে হঠাৎ জুই প্ৰত্যক্ষ কৰি জুই নিয়ন্ত্ৰণৰ বাবে তৎপৰ হয় ।

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ