বিহালীত দিগন্ত ঘাটোৱাৰৰ হৈ বিজেপি নেতৃত্বৰ প্ৰচাৰ অভিযান…

বিহালী সমষ্টিত জোৰদাৰ প্ৰচাৰ চলাইছে শাসকীয় দল বিজেপিয়ে। আজি সমষ্টিটোৰ খৰাশিমলুত দলৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ প্ৰচাৰ চলায় কেন্দ্ৰীয় মন্ত্ৰী(ৰাজ্যিক) পৱিত্ৰ মাৰ্ঘেৰিটা আৰু জল সম্পদ, তথ্য আৰু জনসম্পৰ্ক, সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই।

দলৰ প্রার্থী দিগন্ত ঘাটোৱাৰক লগত লৈ অনুষ্ঠিত কৰা প্ৰচাৰ সভাত মন্ত্ৰী পীযুষ হাজৰীকাই ভাষণত বিশেষকৈ মহিলাসকলক উদ্দেশ্যি অৰুণোদয় আঁচনিৰ বিষয়ে বাখ্যা দাঙি ধৰে। তেওঁ বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি সেই প্ৰতিশ্ৰুতিসমূহ কিদৰে পালন কৰিছে সেই বিষয়ে কয়।

মন্ত্ৰীগৰাকীয়ে কয় যে, যোৱা বিধানসভা নিৰ্বাচনৰ এবছৰ পূৰ্বে আমি অৰুণোদয় দিছিলো। অৰুণোদয় দিয়াৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে অৰুণোদয়ৰ ধন বৃদ্ধি কৰা হ’ব লগতে অৰুণোদয়ৰ সংখ্যাও বৃদ্ধি কৰা হ’ব। ৮৩০ টকাৰে আৰম্ভ কৰা অৰুণোদয়ৰ ধন পিছলৈ ১০০০ টকালৈ আৰু বৰ্তমান সেই ধন ১২৫০ টকালৈ বৃদ্ধি কৰা হ’ল।

প্ৰথম অৰুণোদয় আমি ১৯ লাখ ৫০ হাজাৰ মহিলাক দিছিলো আৰু আজি আমি অসমত ২৬ লাখ ৫০ হাজাৰ মহিলাক অৰুণোদয় দিবলৈ সক্ষম হৈছো বুলি মন্ত্ৰীগৰাকীয়ে পুনৰ উল্লেখ কৰে।

উল্লেখ্যযোগ্য যে, নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ লগতে বিধায়ক প্ৰমোদ বৰঠাকুৰ, চক্ৰধৰ গগৈ, অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাসহ দলীয় নেতা-কৰ্মীসকল উপস্থিত থাকে।

  • Brahmaputra Times

    Related Posts

    লাওখোলা উদ্ধাৰৰ স্থানত উপস্থিত চি আই ডি বিষয়া…

    নিৰ্মম জাহাংগীৰ হত্যাকাণ্ডৰ প্ৰায় ৬ টা মাহ সম্পূৰ্ণ হোৱাৰ দিনাই ঘিলামৰা থানাৰ অন্তৰ্গত শিঙিয়া দলঙৰ তলৰ এটা ডুবিত বস্তাত প্ৰকাণ্ড শিল সহ ভৰাই পেলাই দিয়া অৱস্থাত উদ্ধাৰ কৰিছিল অঞ্চলটোৰ একাংশ…

    জাহাংগীৰ হত্যাকাণ্ডঃ ঢকুৱাখনাত উপস্থিত চি আই ডি

    প্ৰায় ৬ টা মাহৰ বিৰতিৰ পাছত পুনৰ চৰ্চাৰ বিষয় হৈছে ঢকুৱাখনাৰ লোমহৰ্ষক জাহাঙ্গীৰ হুছেইনৰ হত্যাকাণ্ড বিষয়টো। শনিবাৰে গাঁওখনৰ সমীপৰ এটা ডুবিত উদ্ধাৰ হয় এটা পৰিত্যক্ত লাওখোলা। চিমেণ্টৰ বেগৰ ভিতৰত পলিথিনৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    কোনো মতে ৰক্ষা পৰিল সুখবীৰ সিং বাদল…

    কোনো মতে ৰক্ষা পৰিল সুখবীৰ সিং বাদল…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ