দীঘলীপুখুৰীৰ পাৰৰে নহয়, গুৱাহাটীৰ কোনো স্থানৰে গছ কাটিব নোৱাৰিব চৰকাৰেঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

উৰণ সেতু নিৰ্মাণে হওঁক বা পথ বহলোৱাৰ কাৰণে হওঁক বিগত ৩ বছৰত গুৱাহাটীত প্রায় ৩ হাজাৰ জোপা গছ কটা হৈছে । বন বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পৰা পোৱা তথ্য অনুসৰি, জালুকবাৰীৰ পৰা খানাপাৰালৈ চাৰিলেনৰ ৰাষ্ট্ৰীয় ঘাইপথটো ছয়লেন কৰিবলৈ ১৬.৫ কিলোমিটাৰ দৈৰ্ঘৰ এই পথছোৱাত ২০২২ চনত প্রায় ২,৫০০ জোপা বিভিন্ন ধৰণৰ গছ কাটি তহিলং কৰিছিল চৰকাৰে ।

মহানগৰীৰ নিকটৱৰ্তী পলাশবাৰীতো পূৱ কামৰূপ বন সংমণ্ডলৰ অধীনত পথ বহলোৱাৰ নামত ২৫৪ জোপা গছ কটা হৈছিল ।একেদৰে ধাৰাপুৰৰ পৰা বিমানবন্দৰৰ দিশে পথ বহলোৱাৰ নামতো বহু পুৰণি গছ কাটি পেলোৱা হ’ল। তদুপৰি চলিত বৰ্ষতে ৰুক্মিণী গাঁৱত উৰণ সেতু নিৰ্মাণৰ নামত কেইবাডালো পুৰণি গছ কাটি পেলোৱা হৈছে।

বিভাগীয় সূত্রৰ তথ্য অনুসৰি, ২০২২ চনত জু-ৰোডৰ কমাৰ্চ পইণ্টৰ পৰা সুন্দৰপুৰলৈ নিৰ্মিত শ্ৰদ্ধাঞ্জলি উৰণ সেতুৰ নামতো লোকনির্মাণ বিভাগৰ অনুৰোধত বন বিভাগে ১৫ জোপা পুৰণি গছ কাটিছিল ।

আনহাতে, অসম সচিবালয়ৰ সন্মুখৰ পৰা আৰম্ভ হোৱা উৰণ সেতুৰ নামত চৰকাৰে ৫৪ জোপা, ফাঁচীবজাৰৰ ফুট অভাৰব্ৰীজৰ নামত ৯ জোপা, খানাপাৰাৰ ফুট অভাৰব্ৰীজৰ নামত ৬ জোপা পুৰণি গছ কাটিছিল চৰকাৰে। এবছৰ পূৰ্বে নাৰেংগী তিনিআলিৰ পৰা বোন্দালৈ ৰাস্তা বহলোৱাৰ নামত ৭৩ জোপা, গুৱাহাটী শোধনাগাৰৰ সমীপৰ পথৰ পথ বহলোৱাৰ নামত ৩০ জোপা গছ কাটিছিল ।

শেহতীয়াকৈ উৰণ সেতু নিৰ্মাণৰ নামত দীঘলীপুখুৰীৰ পাৰত ২১ জোপা আৰু ভৰলুমুখত ৭৪ জোপা পুৰণি গছ কাটিবলৈ সিদ্ধান্ত লৈ দীঘলীপুখুৰীৰ লোকনির্মাণ বিভাগে গছত কাটিবলৈ বিচৰাৰ চিহ্ন লগাইছিল। লগে লগে প্ৰতিবাদত নামি পৰিল সৰ্ব সাধাৰণ।

মহানগৰীৰ গছ কটা সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়- “গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰৰে নহয়, গুৱাহাটীৰ কোনো স্থানৰে গছ কাটিব নোৱাৰিব চৰকাৰে। উন্নয়ন আমাক লাগিব কিন্তু গুৱাহাটীৰ ঐতিহ্যৰ লগত হেতালি খেলিব নোৱাৰিব বুলি দোহোৰাই ভট্টাচাৰ্যই।

  • Related Posts

    আজিৰ পৰা নেহৰুবালিৰ কলঙৰ বাকৰিত ‘নগাওঁ গ্ৰন্থমেলা-২০২৪’

    নগাঁৱৰ নেহৰুবালিৰ কলঙৰ বাকৰিত ১৭ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা- ২০২৪। কিৰণ শংকৰ, ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত ২৫ ডিচেম্বৰলৈকে চলিব এই গ্ৰন্থমেলাখনি । ১৭ ডিচেম্বৰৰ পুৱা ৯-৩০ বজাত…

    পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন…

    ৰাজ্যৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্রা সংযোজনেৰে দেওবাৰে পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত ভূমি-পূজন অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । ৰাজ্যৰ পথ যোগাযোগৰ আন্তঃগাঁথনি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…