

মহানগৰীৰ সমীপতে থকা প্ৰকৃতিৰ ৰম্যভূমি গুৱাহাটী মহানগৰীৰ হাওঁফাওঁ স্বৰূপ গড়ভঙা অভয়াৰণ্যৰ স্বীকৃতি বাতিল কৰি সমালোচিত হৈছে ৰাজ্য চৰকাৰ ।এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন কৰিছে সচেতন ব্যক্তিয়ে। যাৰ বাবে ন্যায়ালয়ে অসম চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ দিছে ৷
উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰৰ পৰা মাত্ৰ ১৫ কিলোমিটাৰ দূৰত্বত থকা ১১৭ বৰ্গ কিলোমিটাৰৰ গড়ভঙা অভয়াৰণ্যৰ প্ৰাৰম্ভিক স্বীকৃতি বাতিল কৰিছে অসম চৰকাৰে । ৰাজ্য চৰকাৰে কেবিনেটৰ এক সিদ্ধান্তৰ জৰিয়তে গড়ভঙা বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰাৰম্ভিক স্বীকৃতি বাতিল কৰে যদিও গোপনে ৰাখিছিল এই কথা ।
২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ৰাজ্যপালৰ আন এক অধিসূচনাযোগে অভয়াৰণ্যৰ প্ৰাৰম্ভিক স্বীকৃতি বাতিল কৰা হয়। অতি ৰহস্যজনকভাৱে ৰাজ্য চৰকাৰে কেবিনেট সিদ্ধান্তযোগে গড়ভঙা বন্যপ্রাণী অভয়াৰণ্যৰ প্ৰাৰম্ভিক স্বীকৃতি বাতিল কৰে । ইফালে গোচৰীয়া সুব্রত তালুকদাৰে পি আই এলযোগে গড়ভঙা বন্যপ্রাণী অভয়াৰণ্যৰ ‘অভয়াৰণ্য’ৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ ন্যায়ালয়ত আবেদন জনায়। ন্যায়ালয়ত এই প্ৰসংগত অসম চৰকাৰে কি শপতনামা দিয়ে সেয়া লক্ষণীয় হ’ব ।