ৰাজ্যত বিজেপি চৰকাৰৰ ৮ বছৰত ১৮,২৬২ টা বলাৎকাৰৰ ঘটনা….

ডিজিটেল ডেস্কঃ “বিগত কেইবামাহ ধৰি অসমত সঘনে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। ধিঙত ১৪ বছৰীয়া স্কুলীয়া ছাত্ৰীগৰাকীৰ দলবদ্ধ বলাৎকাৰৰ ঘটনাত জড়িত সকলক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই। আৰক্ষীৰ জিম্মাত থকা অৱস্থাত এজন অভিযুক্তৰ মৃত্যু হৈছে। কিন্তু চৰকাৰ বা প্ৰশাসনে বলাৎকাৰৰ বলি ধিঙৰ কিশোৰীগৰাকীক ন্যায় প্ৰদানত ব্যৰ্থ হৈছে। ” আজি গণেশগুৰিস্থিত আপ অসমৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত দলৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই এই মত ব্যক্ত কৰে । আপৰ নেত্ৰী গৰাকীয়ে কয়, ” ৰাজ্যখনত ধাৰাবাহিক ভাৱে মহিলাৰ বিৰুদ্ধে অপৰাধ, অত্যাচাৰ, বলাৎকাৰ আদিৰ ঘটনাই চৰম পৰ্যায় পাইছে।

কিন্তু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অলপতে দাবী কৰিছে যে অসমত পূৰ্বতকৈ ধৰ্ষণ বা বলাৎকাৰৰ ঘটনা পূৰ্বতকৈ হ্ৰাস পাইছে। অথচ চৰকাৰী তথ্য মতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰে শাসনভাৰ লোৱাৰ পাছত ২০২১ বৰ্ষত ১,৭৩৩ টা বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে। ২০২২ বৰ্ষত ১,১১৩ টা, ২০২৩ বৰ্ষত ৯৮৯ টা ধৰ্ষণৰ গোচৰ পঞ্জীয়নভূক্ত হৈছিল। আনহাতে চলিত বৰ্ষত, অৰ্থাৎ ২০২৪ চনৰ জুলাই মাহলৈকে ৫৮০ টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছে। তাৰ পিছতো কমেও ২৫ টা ঘটনা সংঘটিত হৈছে।

কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেও ব্যক্ত কৰিছে যে বিগত লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছৰ পৰা ধিং কাণ্ডলৈকে ২৩ টা বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে। এনে অৱস্থাত ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী আৰু তেওঁৰ আৰক্ষী বিভাগৰ ব্যৰ্থতা স্পষ্ট হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ গৃহ বিভাগ তথা প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ এনেধৰণৰ ঘটনা বৃদ্ধি পাইছে।

পূৰ্বে সংঘটিত ধৰ্ষণ, নিৰ্যাতনৰ বিৰুদ্ধে প্ৰশাসনে ক্ষিপ্ৰতাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই এনেধৰণৰ অবাঞ্চিত ঘটনাবোৰ ব্যাপক হাৰত বৃদ্ধি পাইছে।”আপৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই ৰাজ্যত সংঘটিত মহিলাৰ বিৰুদ্ধে অপৰাধ সন্দৰ্ভত কয়, “তথ্য অনুসৰি অসমত বিজেপি চৰকাৰৰ দিনত বিগত আঠ বছৰত মুঠ ১৮,২৬২ টা বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে। পূৰ্বৰ সোনোৱাল চৰকাৰৰ দিনত ১৩,৮২২ টা ধৰ্ষণৰ ঘটনাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত সংঘটিত হৈছে ৪,৪৪০ টা ধৰ্ষণৰ ঘটনা।

উল্লেখ্য যে ধিঙৰ দলবদ্ধ বলাৎকাৰৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে ব্যাপক প্ৰতিবাদ হৈছে। আমি আম আদমী পাৰ্টিয়েও এই জঘন্য অপৰাধত লিপ্ত সকলৰ কঠোৰতম শাস্তি দাবী কৰিছোঁ। মাথোঁ ধিং কাণ্ডই নহয়, একে সময়তে ৰাজ্যৰ অন্যান্য প্ৰান্তত সংঘটিত ধৰ্ষণৰ অভিযুক্ত সকলকো ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শাস্তি প্ৰদানৰ দাবী জনাইছোঁ। বিগত কেইটামান দিনৰ ব্যৱধানত শদিয়া, বিহপুৰীয়া, যোগীঘোপা, নাওবৈচাৰ চিলনীবাৰী বাগিচা, ডিফু, তিনিচুকীয়া, হোজাই, লখিমপুৰ, চিৰাং, তামোলপুৰ, তিতাবৰ, মুছলপুৰ মঙলদৈ, বিশ্বনাথ চাৰিআলি, গৌৰীপুৰ আৰু মাজুলীত সংঘটিত বলাৎকাৰৰ অভিযুক্ত সকলৰ বিৰুদ্ধেও ক্ষিপ্ৰতাৰে ন্যায়িক ব্যৱস্থাৰ জৰিয়তে কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ।

কিন্তু বলাৎকাৰৰ ঘটনাক লৈ হিন্দু – মুছলমান ৰাজনীতি অথবা ধৰ্মীয় মেৰুকৰণৰ অপচেষ্টাৰ আমি বিৰোধিতা কৰিছোঁ। বলাৎকাৰত জড়িত থকা অভিযুক্তৰ ক্ষেত্ৰত ধৰ্ম বা জনগোষ্ঠীৰ প্ৰসংগৰে একাংশ ৰাজনৈতিক দলে মুনাফা অৰ্জনৰ চেষ্টা কৰিছে। এয়া শুভ লক্ষণ নহয়। “বলাৎকাৰৰ বিৰুদ্ধে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আপৰ নেত্ৰী গৰাকীয়ে কয়,” বলাৎকাৰীৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰশাসন কঠোৰ নোহোৱাৰ বাবেই বাৰম্বাৰ এনে ঘটনা সংঘটিত হ’বলৈ পাইছে। যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেটী বাচাওঁ, বেটী পঢ়াওঁ শ্লোগান দিছে সেই সময়তে অসমত বলাৎকাৰৰ বলি হোৱা মহিলা বা যুৱতী সকলে ন্যায় লাভৰ পৰাও বঞ্চিত হৈছে।” সংবাদমেলত অনুৰূপা ডেকাৰজাৰ সৈতে দলৰ নেত্ৰী বিমলা দেৱী, অলকানন্দা ডেকা আৰু মঞ্জু ডেকা হুছেইনো উপস্থিত থাকে ।

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ