
নাৰীজনিত কেলেংকাৰীত নাম সাঙোৰ খাই বিতৰ্কত সোমাই পৰা শংকৰ জ্যোতি বৰুৱাই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা অব্যাহতি লোৱাৰ পিছৰে পৰা চৰ্চা চলিছে কোন হ’ব ছাত্ৰ সংগঠনটোৰ পৰৱৰ্তী সাধাৰণ সম্পাদক।
এই সন্দৰ্ভত আজি অনুষ্ঠিত হৈছে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ জৰুৰী বৈঠক। গুৱাহাটী বিশ্ববিদ্যালয়স্থিত আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত আজিৰ এই বৈঠকতে সৰ্বসন্মতিক্ৰমে সংগঠনটোৰ পৰৱৰ্তী সাধাৰণ সম্পাদকৰ নাম নিশ্চিত হোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে, বৰ্তমান ছাত্ৰ সংগঠনটোত আছে পাঁচগৰাকী সহকাৰী সাধাৰণ সম্পাদক। এই পাঁচজন সহকাৰী সাধাৰণ সম্পাদকৰ মাজৰ পৰাই কোনো এজনক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়াৰ সম্ভাৱনা আছে।
সহকাৰী সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা পাঁচজন ছাত্ৰ নেতা হৈছে কাৰ্বি আংলং জিলাৰ চৰ্জুন হান্সে, ধেমাজিৰ দীপক শৰ্মা, তিনিচুকীয়াৰ ৰাণা সোনাৰ, গোৱালপাৰাৰ অভিজিত নাথ আৰু তেজপুৰৰ নিতুল বৰা।