উজনি অসমত একেলগে আছু ত্যাগ কৰিলে কেবাগৰাকী কৰ্মীয়ে…

আছু নেতৃত্বৰ স্বৈৰাচাৰিক সিদ্ধান্ত তথা নিজৰ অনুগত সদস্যক দায়িত্ব প্ৰদান কৰি যোগ্যজনক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰি আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ বহু সদস্য তথা বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াই দলৰ পৰা অব্যাহতি লয় ।

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰক্তিম ৰঞ্জন বৰা, প্ৰাক্তন উপ-সভাপতি অৰিন্দম শইকীয়া, প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক ৰণ্টু ভূঞা, প্ৰাক্তন মুখ্য সাংগঠনিক সম্পাদক অমৃত কুমাৰ ধলুৱা, সাংগঠনিক সম্পাদক চন্দন বৰা, জিলা কাৰ্যনিৰ্বাহক ৰঘুমণি দত্ত , অংশুমান বৰা তথা সক্ৰিয় সদস্য মনদীপ গোস্বামীয়ে জিলা ছাত্ৰ সন্থালৈ পত্ৰ প্ৰেৰণ কৰি সংগঠনটোৰ পৰা পদত্যাগ কৰে ।

ইয়াৰোপৰি যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত চিনামৰা শাখা ছাত্ৰ সন্থা, মালৌ আলি শাখা ছাত্ৰ সন্থাই সমূহীয়াভাৱে পদত্যাগ কৰাৰ কথা জানিব পৰা হৈছে। জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি, প্ৰাক্তন সভাপতি, বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক, উপদেষ্টা, ছাত্ৰ একতা সভাৰ প্ৰাক্তন সদস্যয়েও ইতিমধ্যে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা পদত্যাগ কৰাৰ কথা জানিবলৈ দিয়ে ।

ইয়াৰ লগতে চিনামৰা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি-সাধাৰণ সম্পাদক সহিতে সমূহ সদস্যয়ে সমূহীয়াভাৱে পদত্যাগ কৰাৰ কথা প্ৰকাশ কৰিছে । যোৰহাটত প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যকে ধৰি বৃহৎ সংখ্যক আছুৰ নেতৃত্বৰ পদত্যাগৰ পাছত জিলাখনত আছুৰ অস্বিত্বৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে একাংশ সচেতন ৰাইজে ।
  • Brahmaputra Times

    Related Posts

    অসম সাহিত্য সভা: ১ম দিনাই প্ৰধান সম্পাদকৰ পদৰ বাবে দুজনৰ মনোনয়ন পত্ৰ সংগ্ৰহ…

    আজিৰ পৰা আৰম্ভ হ’ল অসম সাহিত্য সভাৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া। আজি যোৰহাটস্থিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ৰ পৰা উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে বহুকেইজন ব্যক্তিয়ে মনোনয়ন পত্ৰ সংগ্ৰহ কৰে।…

    ৰঙাপৰাত বনৰীয়া হাতীৰ আক্ৰমণত সেনা জোৱান নিহত…

    ৰঙাপৰাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত সেনা জোৱান ৷ বিয়লি সেনা চাউনিৰ পৰা খোজ কাঢ়িবলৈ যোৱা সময়তে সংঘটিত হয় ঘটনাটো ৷ নামগাঁও চাহ বাগিচাৰ ১৬ নং শাখাত এই ঘটনা সংঘটিত। বৰ্তমানলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    ছমাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হ’ল বাবা কেদাৰনাথ…

    ছমাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হ’ল বাবা কেদাৰনাথ…