সদৌ অসম ছাত্র সন্থা চমুকৈ আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদকৰ দৌৰৰ শীৰ্ষত আছে কাৰ্বি আংলঙৰ এগৰাকী ছাত্ৰ নেতা।
আগন্তুক ৬ মাহলৈ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব লাভৰ উজ্জ্বল সম্ভাৱনা চৰ্জন হাঞ্চেৰ।
প্ৰায় আঢ়ৈ দশকৰ মূৰত আছুৰ শীৰ্ষ পদ লাভ কৰাৰ দিশে এগৰাকী জনগোষ্ঠীয় নেতা। এই পদত অধিষ্ঠিত হ’লে ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰা কাৰ্বিপাহাৰৰ প্ৰথমগৰাকী সন্তান হ’ব চৰ্জন হাঞ্চে।
ইয়াৰ পূৰ্বে কাৰ্বি পাহাৰৰ কোনো সন্তানে লাভ কৰা নাছিল আছুৰ শীৰ্ষ পদ।
আগন্তুক কাৰ্য নিৰ্বাহকতে চৰ্জন হাঞ্চেক কেন্দ্ৰীয় নেতৃত্বই দায়িত্ব অৰ্পণ কৰিব বুলি জানিব পৰা গৈছে।
সম্প্রতি ডিফু আদালতত প্ৰেক্টিছনাৰ অধিবক্তা হিচাপে কাম কৰি আছে চৰ্জন হাঞ্চেই।