ADRE ত ধনৰ বিনিময়ত অধিক নম্বৰ দিয়াৰ নামত দালালি কৰি আটক মৰিগাঁৱৰ ভণ্ড জাতীয়তাবাদী নেতা

মৰিগাওঁঃ জাতীয়তাবাদৰ বচন আওৰাই সমাজ সংস্কাৰৰ ভাওনা কৰি অহা মৰিগাৱৰ এজন যুৱকক কালি আৰক্ষীয়ে চাকৰি দিনাৰ নামত ধন সংগ্ৰহৰ দালালিৰ অভিযোগত আটক কৰা ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে।জাতীয়তাবাদীৰ বচন আওৰোৱাৰ লগতে সামাজিক মাধ্যমত এটি সংবাদ চেনেল খুলি সাংবাদিকৰো আখৰা কৰি অহা এই যুৱক জন হৈছে মৰিগাওঁ চহৰৰ নিবাসী সপোণ অসম ওৰফে সপোণ দাস।প্ৰাপ্ত তথ্য মতে,কালি অনুষ্ঠিত হৈ যোৱা ADRE পৰীক্ষাত ধনৰ বিনিময়ত ভাল ফলাফল লাভৰ আশা দি এটি দালাল চক্ৰই বিগত সময়ত ধন সংগ্ৰহৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল।কিন্তু ৰাজ্যৰ লাখ লাখ নিৱনুৱা যুৱক যুৱতীৰ সপোণক হৈ খেলা কৰা এই চক্ৰটোৰ বিষয়ে আৰক্ষীয়ে খবৰ লাভ কৰে।বিশেষ খবৰৰ ভিত্তিত কাৰ্বি আংলং আৰক্ষীয়ে পৰহি নিশা এই চক্ৰৰে জড়িত এজন লোকক আটক কৰে।উক্ত লোকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত এই অসৎ চক্ৰৰে জড়িতৰ অভিযোগত আৰক্ষীয়ে শেহতীয়াকৈ সপোণ দাসক আটক কৰে।উল্লেখ্য যে,”বীৰ লাচিত সেনা” নামৰ সংগঠনটিৰ সৈতেয়ো পূৰ্বতে জড়িত থকা সপোণ দাস নামৰ যুৱক জনে শেহতীয়াকৈ “অসমৰ সকলো জিলাত মিঞাৰ মাছ বিক্ৰী কৰাটো বন্ধ কৰা হব।অসমত খিলঞ্জীয়া লোকে মাছ পালন কৰিব” বুলিয়ো হুংকাৰ প্ৰদান কৰিছিল।

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ