১৫ ছেপ্তেম্বৰৰ ৩য় বৰ্গৰ নিযুক্তি পৰীক্ষাত নকল কৰিলেই কঠোৰ শাস্তি

১৫ ছেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৩য় বৰ্গৰ নিযুক্তি পৰীক্ষাত বহিব ৰাজ্যৰ লাখ-লাখ নিবনুৱা যুৱক-যুৱতী।

নিযুক্তি পৰীক্ষাৰ দিনা যাতে পৰীক্ষা কেন্দ্র সমূহত কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয় তাৰ বাবে প্ৰশাসনে ইতিমধ্যেই যাবতীয় ব্যবস্থা গ্ৰহন কৰিছে।

ইয়াৰ মাজতে শেহতীয়াকৈ এই পৰীক্ষা সন্দৰ্ভত আহিছে এক ডাঙৰ খবৰ। এই বাৰৰ এই পৰীক্ষাত যদি কোনো পৰীক্ষাৰ্থীয়ে নকল কৰি ধৰাত পৰে তেন্তে যাব লাগিব জে’ললৈ।

নকল কৰিলে সন্মুখীন হ’ব কঠোৰ শাস্তিৰ। নকল কৰা ব্যক্তিজনৰ ঘৰুৱা সম্পত্তি চৰকাৰে অধিগ্ৰহণ কৰিব বুলিও জানিব পৰা গৈছে।

ইয়াৰ উপৰি বেআইনী কাৰ্যকলাপ দেখিলে লগে লগে প্ৰশাসনক ফোন কৰিব পৰা ব্যবস্থাও গ্ৰহণ কৰা হৈছে।

এই ক্ষেত্ৰত অতি শীঘ্ৰে চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা কেইবাটাও ফোন নম্বৰ মুকলি কৰা হ’ব বুলি জানিব পৰা গৈছে।

Brahmaputra Times

Related Posts

গুৱাহাটীৰ বাৰত ড্ৰাগছ বিক্ৰী, বাৰ-ৰেষ্টুৰেণ্টত বাধ্যতামূলক চিচিটিভি, থাকিব লাগিব অতিৰিক্ত চালক

গুৱাহাটী মহানগৰ প্ৰশাসন, আবকাৰী বিভাগ আৰু গুৱাহাটী আৰক্ষীৰ চকু খোল খাইছে৷ শেহতীয়াকৈ দীপাৱলীৰ নিশা খানাপাৰাত দুৰ্ঘটনাত পতিত হৈ দীপিত দে’ আৰু কনামিকা বসুমতাৰী নামৰ যুৱক-যুৱতীৰ মৃত্যু হয়৷ সেই নিশা এখন…

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ…

মূল্যবৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদমুখৰ হৈ পৰে সদৌ অসম ছাত্ৰ সন্থা । আছুৰ আহ্বানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰূপায়ণ কৰা হয় বিক্ষোভ কাৰ্যসূচী। বুধবাৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া জিলাৰ…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা

অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা