ডিজিটেল ডেস্কঃ ছচিয়েল মিডিয়াত এটা বিশেষ পোষ্ট খুবেই ভাইৰেল হৈছে। এগৰাকী দেউতাকে এগৰাকী সন্তানক শিকাব লগীয়া কেইটামান কথা বিশেষ ভাৱে চৰ্চা হৈছে ছচিয়েল মিডিয়াত। এই ১০টা কথা হৈছে-
১. জোতা চিলাই বা ৰং কৰিবলৈ হলে মেৰামতি কৰা ব্যক্তিৰ সন্মুখত কেতিয়াও ভৰি আগবঢ়াই নিদিবা।পাৰিলে জোতাযোৰ খুলি নিজে এবাৰ মুচি দিবা।
২. কেতিয়াও কাকো ভিক্ষাৰী, কামৱালী বুলি নামাতিবা। মনত ৰাখিবা তেওঁলোক কাৰোবাৰ নহয় কাৰোবাৰ, ককাই,ভনী,মা,দেউতা। তেওঁলোকক সন্মান দি মাতিবা।
৩. বয়স, শিক্ষা, পদ বা পদবীৰ দিশত কোনোবাই সৰু হ’লেও কেতিয়াও কাকো সৰু বুলি নাভাবিবা। নহ’লে তুমিয়েই সৰু হৈ যাবা ।
৪. লিখা-পঢ়া কৰি জীৱনত উন্নতি লাভ কৰা কিন্তু কাৰোবাৰ কান্ধত ভৰি থৈ ওপৰলৈ উঠাৰ চেষ্টা নকৰিবা।
৫. কাৰোবাক সহায় কৰি পিছফালে ঘূৰি নাচাবা,তেও লাজো পাব পাৰে।
৬. সকলো সময়ত পোৱাতকৈ দিয়াৰ চেষ্টা বেছি কৰা,দান কৰ্তাৰ হাত সদায় ওপৰতেই থাকে।
৭. ল’ৰাহৈ জন্ম লৈছা,সেয়ে দায়িত্ব এৰি নিদিবা।
৮. তোমাৰ কি আছে সেইটো তোমাৰ গাত লিখা নাই। কিন্তু তোমাৰ ব্যৱহাৰত হে দেখা যাব তোমাৰ পৰিয়ালৰ কি আছে।
৯. কাৰোবাৰ ঘৰত নিমন্ত্রণ খাবলৈ গলে ঘৰৰ পৰা এমুঠি ভাত খাই ওলাবা। আনৰ ভাতৰ আশাত নাযাবা।
১০. কাৰোবাৰ ঘৰৰ খাদ্য খাই সমালোচনা নকৰিবা।কোনেও ইচ্ছানুযায়ী খাদ্য বেয়া কৰাৰ চেষ্টা নকৰে।
১১. ডাঙৰ হ’বলৈ নহয়,মানুহ হ’বলৈ চেষ্টা কৰা।
১২. সদায় ভদ্র ও নম্রতাৰে আগবঢ়া বা কথা কোৱা কিন্তু অন্যায়ৰ লগত আপোচ নকৰিবা।