
ডিজিটেল ডেস্ক: ৰাজ্যৰ ৪ জিলাত বৃদ্ধি কৰা হৈছে আফস্পাৰ (AFSPA) ম্যাদ । মঙলবাৰে জাৰি কৰা এক জাননী অনুসৰি, বাংলাদেশৰ শেহতীয়া পৰিস্থিতি আৰু ইয়াৰ ফলত আভ্যন্তৰীণ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত সম্ভাৱ্য বিদ্বেষপূৰ্ণ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি এই চাৰিখন জিলাত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন চমুকৈ আফস্পাৰ ম্যাদ ছয় মাহৰ বাবে বৃদ্ধি কৰা হৈছে ।
এই জিলাকেইখন হৈছে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ । এই আইনৰ অধীনত আগন্তুক ছয়মাহলৈ জিলা চাৰিখন ‘অশান্ত অঞ্চল’ হিচাপে পৰিগণিত হৈ থাকিব বুলি জাননীখনত কোৱা হৈছে ।
“আৰক্ষী মুখ্য কাৰ্যালয়ৰ জৰিয়তে লাভ কৰা বিভিন্ন সংস্থাৰ প্ৰতিবেদনে ইংগিত দিছে যে নিৰাপত্তা বাহিনীৰ নিৰন্তৰ প্ৰচেষ্টা আৰু সক্ৰিয় বিদ্ৰোহী বিৰোধী পদক্ষেপৰ বাবে, বিগত কেইবছৰমানত আৰু বিশেষকৈ বিগত তিনি বছৰত অসমৰ সামগ্ৰিক পৰিস্থিতি যথেষ্ট উন্নত হৈছে ।” জাননীখনত লগতে কোৱা হৈছে ।
“অৱশ্যে চুবুৰীয়া দেশ বাংলাদেশত শেহতীয়াকৈ হোৱা বিশৃংখলতা আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আভ্যন্তৰীণ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত ইয়াৰ সম্ভাৱ্য বিদ্বেষপূৰ্ণ প্ৰভাৱৰ বাবে অসম চৰকাৰে পৰামৰ্শ দিছে যে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ আৰু ৬ মাহৰ বাবে বাহাল ৰখা হ’ব পাৰে ।” জাননীখনত উল্লেখ কৰা হৈছে ।