স্মাৰ্ট মিটাৰ আৰু হিন্দু-মুছলমান প্ৰসংগক লৈ গৰজি উঠিল অগপ নেতা

ৰঙিয়াত বিজেপি মিত্ৰজোঁটৰ অন্যতম সহযোগী দল অসম গণ পৰিষদৰ সম্পাদক তথা মুখপাত্ৰ অৰ্ণৱ ভৰালীয়ে স্মাৰ্ট মিটাৰ আৰু হিন্দু-মুছলমানৰ প্ৰসংগক লৈ সংবাদ মাধ্যমৰ আগত গৰজি উঠা দেখা যায়।

অগপ নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘স্মাৰ্ট মিটাৰ প্ৰসংগত বাৰুকৈয়ে জুৰুলা হৈ পৰিছো। ৰাইজ অধিকভাৱে জুৰুলা হৈ পৰিছে। চৰকাৰে অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰক। নহ’লে ৰাইজে যথেষ্ট বেয়া পাব। আমিও স্মাৰ্ট মিটাৰক লৈ জুৰুলা হৈ পৰিছো। ইয়াত ৰাজনৈতিক দলৰ কথা নাহে।’

সাম্প্ৰতিক সময়ত ৰাজ্যৰ ৰাজনৈতিক তথা সামাজিকভাৱে চৰ্চিত হৈ থকা মিঞা তথা হিন্দু-মুছলমান সন্দৰ্ভতো নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

এই সন্দৰ্ভত তেওঁ কয়, ‘হিন্দু-মুছলমানক লৈ অসম গণ পৰিষদ দলে ৰাজনীতি কৰা নাই আৰু নকৰে। মোৰ পেটত ভাত নাই, এই সময়ছোৱাত হিন্দু-মুছলমানৰ কথা ভাবি ভাগ ভাগ কৰিবলৈ মোৰ সময়ো নাই আৰু নকৰো। হিন্দু মুছলমান প্ৰসংগ ভাবিবলৈ অগপ দলৰ সেইটো মানসিকতাই নাই। হিন্দু-মুছলমানক লৈ কেতিয়াও ভাগ-ভাগ কৰা নাই আৰু নকৰো।

যিটো সময়ত মানুহৰ পেটত ভাত নাই সেইটো সময়ত হিন্দু-মুছলমানৰ কথা ভাবিবলৈ কাৰো আহৰি নাই বুলিও মন্তব্য কৰে অগপ নেতা অৰ্ণৱ ভৰালীয়ে।

Related Posts

বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে