অগপ, অজাপ, ৰাইজৰ দলক এক হোৱাৰ আহ্বান, জেৰাইত অগপৰ প্ৰতিষ্ঠা দিৱস পালন

হিন্দুত্ববাদৰ ৰাজনীতি অসমত প্ৰৱেশ কৰিছে যদিও নিজৰ আদৰ্শ ত্যাগ নকৰাৰ শপত লৈ পুনৰ নতুন যাত্ৰা কৰাৰ সংকল্প ল’লে অগপৰ নেতৃত্বই৷ আজি ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাইত পূৰ্বৰ ঐতিহ্যত দেখা গ’ল অগপ দলটোক৷ আকৌ সেই ১৯৮৫ চনৰ কথা আওৰালে প্ৰতিগৰাকী নেতাই৷ অসম আন্দোলন, ৮৫৫গৰাকী শ্বহীদৰ কথা আওৰাই দলটোৰ ন-পুৰণি নেতাক অগপৰ পতাকাৰ তলত থিয় হ’বলৈ আহ্বান জনালে কেন্দ্ৰীয় নেতৃত্বই৷ লোকসভা নিৰ্বাচনৰ পাছত আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে আজি উজনি অসমত আজি অসম গণ পৰিষদ দলে শক্তি প্ৰদৰ্শন কৰে৷ দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত এদিনীয়া কাৰ্যসূচীৰে আজি পুৱাৰে পৰা ডিব্ৰুগড় জিলাৰ জেৰাইত অসম গণ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰম্ভ হয়৷ ৪০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে চাবুৱাৰ জেৰাই ৰজাচুক খেলপথাৰত ৪০ খনকৈ পতাকা উত্তোলন কৰা হয়৷ দলটোৰ চাবুৱা-লাহোৱাল বিধানসভা সমষ্টি সমিতি, ডিব্ৰুগড় জিলা সমিতি আৰু তিনিচুকীয়া জিলা সমিতি, জেৰাই আঞ্চলিক সমিতিৰ আতিথ্যত অনুষ্ঠিত হয় প্ৰতিষ্ঠা দিৱসত পুৱা মূল পতাকা উত্তোলন কৰে অগপৰ সভাপতি অতুল বৰাই। আন ৩৯ খন পতাকা উত্তোলন কৰে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, দলৰ জ্যেষ্ঠ নেতা সাংসদ ফণীভূষণ চৌধুৰী, সাংসদ বীৰেণ বৈশ্য, কুমাৰ দীপক দাস, বিধায়ক পোণাকণ বৰুৱা, ভৱেন ভড়ালী আদিয়ে। শ্বহীদ তৰ্পণ কৰে কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। মঞ্চৰ কাষত নিৰ্মাণ কৰা অস্থায়ী নামঘৰত সেৱা লয় অগপ নেতৃত্বই। সতীৰ্থ সোঁৱৰণ অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰতিষ্ঠাৰ দিনৰে দলটোৰ এগৰাকী অক্লান্ত কৰ্মী সাংসদ ফণীভূষণ চৌধুৰীয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে সতীৰ্থ সোঁৱৰণ অনুষ্ঠান। বিয়লি সভাপতি অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাংসদ ফণীভূষণ চৌধুৰী, সাংসদ বীৰেণ বৈশ্য, কুমাৰ দীপক দাস উপস্থিত থাকে৷ কিন্তু সকলোকে আঁচৰিত কৰি অসম গণ পৰিষদৰ কেন্দ্রীয় প্ৰতিষ্ঠা দিৱসত উপস্থিত হয় আলফাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ চেতিয়া৷ অনুপ চেতিয়াই অগপক শক্তিশালী জাতীয়তাবাদী আঞ্চলিকতাবাদী দল আখ্যা দি অগপত যোগদানৰ সৰৱ চৰ্চাক নস্যাৎ কৰে। বৰ্তমান পৰিস্থিতিত তেওঁৰ পক্ষে কোনো ৰাজনৈতিক দলত যোগদান কৰাটো সম্ভৱ নহয় বুলি উল্লেখ কৰি তুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক অগপৰ সৈতে একত্ৰিত হৈ কাম কৰি যোৱাৰ আহ্বান জনায়। অগপৰ সভাপতি অতুল বৰাই আজিৰ কাৰ্যসূচীৰ পৰিৱেশ প্ৰত্যক্ষ কৰি আবেগিত হৈ কয় যে এয়া এক সুকীয়া পৰিৱেশ৷ ক’বলৈ ভাষা নাই৷ ৩৯ বছৰে দলটোক অৰিহণা যোগোৱা লোকসকলক শ্ৰদ্ধা জ্ঞাপন কৰিছো৷ বৰাই আহি থকা দিনবোৰত পূৰ্বেৰ দৰেই অসমৰ ৰাইজৰ সহায়-সহযোগ কামনা কৰিছে৷ অতুল বৰাই কয় যে অসমত অগপক শক্তিশালী কৰাৰ মানে আঞ্চলিকতাবাদক সুৰক্ষিত কৰা, অসমক সুৰক্ষিত কৰা৷ সেয়েহে ভৱিষ্যতৰ দিনৰ বাবে অসমবাসীৰ পৰা আশীষ বিচাৰিছো৷ অসম আন্দোলন, আলফাৰ বিদ্ৰোহৰ অন্যতম দুৰ্গ জেৰাইৰ কথা উল্লেখ কৰি অতুল বৰাই কয় যে জেৰাই গাঁও আঞ্চলিকতাবাদৰ দুৰ্গ৷ অসম আন্দোলনে অসমত এটা জনজাগৰণ সৃষ্টি কৰিছিল৷ জাতীয় সমস্যাসমূহ দাঙি ধৰিছিল৷ জাতি-জনগোষ্ঠীসমূহেও নিজৰ অধিকাৰৰ কথা উত্থাপন কৰিছিল৷ স্বাধীনতাৰ পাছতে কংগ্ৰেছে অসমখন শাসন কৰিছিল৷ কিন্তু কংগ্ৰেছে ৰাজ্যবাসীক উপেক্ষা কৰাৰ কাৰণে সুকীয়া পৰিৱেশে দেখা দিছিল৷ যাৰ ফলত আন্দোলন হ’ল৷ সেই আন্দোলন জেৰায়ে মুখ্য ভূমিকা লৈছিল৷ যাৰ বাবে পুনৰ জেৰাইৰ পৰা দলক শক্তিশাৰী কৰিবলৈ প্ৰতিষ্ঠা দিৱস পালন কৰাৰ কথা দোহাৰে বৰাই৷ আনহাতে, আলফা নেতা অনুপ চেতিয়াই অগপৰ কাৰ্যসূচীত অনুষ্ঠিত হোৱাত অগপত যোগদান কৰিব নেকি বুলি প্ৰশ্ন কৰাত তেওঁ এটা বেলেগ পন্থাৰে সংগ্ৰাম কৰে আৰু তেওঁ নিজেই সিদ্ধান্ত ল’ব লাগিব যে শান্তি, উন্নয়ন বিচাৰে নে আন কিবা বিচাৰে বুলি কয় বৰাই৷ ১৯৮৫ চনৰ আজিৰ দিনটোতে অসম আন্দোলনৰ ফলশ্ৰুতিত প্ৰতিষ্ঠা হৈছিল অসম গণ পৰিষদ। দুবাৰকৈ চৰকাৰ গঠন কৰা দলটোৱে ২০১৬ চনৰ পৰা শাসকীয় বিজেপিৰ অংশীদাৰ দল হিচাপে আছে৷

  • Related Posts

    কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন-কৰ্মচাৰী ফেডাৰেচনসমূহে আহ্বান দিয়া ৯ জুলাইৰ দেশজোৰা ধৰ্মঘটক সমৰ্থন

    আজি অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বেলতলাস্থিত অমল প্ৰভা ভৱনত মটৰ শ্ৰমিকৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয়। অসম চৰকাৰে গ্ৰহণ কৰা অসম মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিখন অতিশীঘ্ৰে…

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে