অগপ এটা সাধাৰণ দল নহয়, অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি তুংগত

ঐতিহাসিক জেৰাই গাঁৱত অসম গণ পৰিষদৰ ৪০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালনৰ প্ৰস্তুতি পূৰ্ণ গতিত চলিছে৷ আজি পুনৰ প্ৰস্তুতিৰ বুজ ল’লে স্থানীয় বিধায়ক পোনাকণ বৰুৱাই৷ আঞ্চলিকতাবাদী দলৰ উত্থানত চাবুৱাৰ জেৰাই গাঁৱৰ বিশেষ ভূমিকাৰ কথা দোহাৰি ১৪ অক্টোবৰত এদিনীয়া কাৰ্যসূচীৰে আড়ম্বৰপূৰ্ণভাৱে অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা দিৱস জেৰাইত পালনৰ সিদ্ধান্ত লোৱা বুলি কয় বিধায়ক বৰুৱাই৷ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ অভ্যৰ্থনা সমিতিৰ বিষয়-ববীয়াৰ সৈতে বিভিন্ন দিশ আলোচনা কৰে৷ চাবুৱাবাসী আৰু জেৰাই গাঁওবাসীয়ে প্ৰতিষ্ঠা দিৱস সফল কৰিবলৈ অশেষ কষ্ট কৰাত ধন্যবাদ জ্ঞাপন কৰে বৰুৱাই৷ চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই জনোৱা মতে, ১৪ আগষ্টৰ পুৱা ৫ বজাত প্ৰভাতী, ৯ বজাত পতাকা উত্তোলন, ৯:৩০ বজাত শ্বহীদ তৰ্পণ, ১০ বজাত সতীৰ্থ সোঁৱৰণ, ১১ বজাত সাস্কৃতিক শোভাযাত্ৰা, দিনৰ ১২ বজাত মুকলি সভা, সন্ধা ৫ বজাত বন্তি প্ৰজ্বলন। প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰুৱা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকিব। অভ্যৰ্থনা সমিতিৰ নেতৃত্বৰ সৈতে জেৰাইত এখন সংবাদমেল সম্বোধন কৰি বিধায়ক বৰুৱাই দলটোৰ ইতিহাস বৰ্ণনা কৰে৷ তেওঁ কয় যে অগপই দুবাৰকৈ দিছপুৰত অকলে চৰকাৰ গঠন কৰিছে৷ ২০১৬ চনৰ পৰা বিজেপিৰ সৈতে চৰকাৰ চলাই আছো৷ অগপ এটা সাধাৰণ দল নহয়৷ ছয় বছৰীয়া অসম আন্দোলনৰ ফলশ্ৰুতিত এই দলৰ জন্ম৷ সেই সময়ত অসম চৰকাৰৰ আমোলত পুলিচ-চিআৰপিএফৰ গুলীত ৮৫৫ জন লোক শ্বহীদ হৈছিল৷ খিলঞ্জীয়া লোক শ্বহীদ হৈছিল৷ হাজাৰ হাজাৰ লোক ঘূণীয়া হৈছিল৷ বাই-ভনী নিৰ্যাতিতা হৈছিল৷ অগপ ১৯৮৫ চনৰ প্ৰতিষ্ঠা হোৱাত পাছতে আজি উত্থান-পতনৰ সাক্ষী হৈছে৷ দলটো আজি প্ৰাপ্তবয়স্ক হৈছে বুলি উল্লেখ কৰি বিধায়ক পোনাকণ বৰুৱাই কয় ‘‘বিশ্ববিদ্যালয়ৰ ছাত্ৰই নেতৃত্ব লোৱা আজি দলটো প্ৰাপ্তবয়স্ক হৈছে৷ ছাত্ৰ অৱস্থাতে চৰকাৰৰ নেতৃত্ব লোৱাত কিছু ভুল ভ্ৰান্তি হৈছিল৷ কিন্তু প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰতি ৰাইজৰ সমৰ্থন আছিল৷ মানুহৰ আশা-প্ৰত্যাশা সীমাহীন আছিল৷ কিন্তু ৰাইজক আশ্বাস আৰু বিশ্বাসত লৈ চলিবলৈ প্ৰয়াস কৰিছিল৷ আজিও দলটোৱে ৰাইজৰ হকে কাম কৰি গৈছে৷ আজি আমি ৪০ বছৰত ভৰি দিলো৷ এইবাৰ জেৰাইত আমাৰ কেন্দ্ৰীয় দিৱস পালন কৰিছো৷ কিয়নো জেৰাই হৈছে আঞ্চলিক ৰাজনীতিৰ পীঠস্থান৷ জেৰাইৰ পৰাই আঞ্চলিক ৰাজনীতি আৰম্ভ হৈছিল৷ আমি আকৌ জেৰাইৰ পৰাই এই যাত্ৰা আৰম্ভ কৰিম৷ জেৰাইৰ পৰা আঞ্চলিক দলৰ উত্থান হ’ব৷’’

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক